মাত্ৰ তিনি মিনিটত অসমৰ ছাত্ৰৰশৰীৰ শীতল কৰা যন্ত্ৰ উদ্ভাৱন

0
177

সৰ্বভাৰতীয় এক প্ৰতিযোগিতাত অসমত এজন ছাত্ৰই অংশগ্ৰহণ কৰি সকলোৰে ভূয়সী প্ৰশংসা বুলিবলৈ সক্ষম হৈছে৷ গোলঘাট জিলাৰ এইগৰাকী ছাত্ৰই বৃহৎ সফলতা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ অসমত খুমটাইৰ মৌখোৱা  গাঁৱৰ মুহিবুল ৰহমান আৰু মমতাজ বেগমৰ ১৭ বছৰীয়া সন্তান মুক্কাবীৰ ৰহমানে দিল্লীত আয়োজিত Solve for Tomorrow season ২ শীৰ্ষক শৈক্ষিক তথা উদ্ভাৱনীমূলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰে৷ উল্লেখ্য যে দেশৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা ৭১টা  শিক্ষাৰ্থীৰ দলে অংশ লোৱা এই প্ৰতিযোগিতাত মুক্কাবীৰে লাভ কৰা এই সফলতাই ৰাজ্যবাসীকে গৌৰৱান্বিত কৰিছে৷ যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ উচ্ছতম মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি আছে মুক্কাবীৰে৷ পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অহৰ্নিশে ৰ’দত কাম কৰিবলগীয়া লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুক্কাবীৰ আৰু তেওঁৰ সহযোগীসকলে এই শীতল যন্ত্ৰবিধ আৱিষ্কাৰ কৰিছে৷ কাম কৰাৰ সময়ত এই যন্ত্ৰবিধ ডিঙিত লগালে মাত্ৰ তিনি মিনিটতে শীতল হৈ পৰিব ভাৰাক্ৰান্তজনৰ শৰীৰ৷ প্ৰচণ্ড গৰমৰ কাম নিয়োজিত হৈ থকা সেনা, আৰক্ষীৰ লোক তথা কৃষকসকলৰ সহায়ক হোৱাকৈ এই যন্ত্ৰবিধ উদ্ভাৱন কৰা বুলি তেওঁ দলটোৱে ব্যক্ত কৰে৷ উল্লেখ্য যে সৰ্বভাৰতীয় এই প্ৰচিযোগিতাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বিনিয়মত মুক্কাবীৰৰ দলটোৱে  ডেৰ কোটি টকাৰ লগদ ধনৰ লগতে লক্ষাধিক টকাৰ উপহাৰ আৰু সামগ্ৰী লাভ কৰিছে৷ শীতল যন্ত্ৰ উদ্ভাৱনৰ এই সাফল্যত সমগ্ৰ উত্তৰ-পূবে মুক্কাবীৰক কৃতজ্ঞতা জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here