মাটিত বহাৰ পাছত উঠিবলৈ কষ্ট হয়? হনুমানাসন কৰক

0
2

আগৰ দিনত মাটি বহিয়েই পঢ়া-শুনা, দৈনন্দিন কাম-কাজ, পাকঘৰৰ কাম, ভাত খোৱা আদি সকলো খাদ্যবস্তু খোৱা হৈছিল৷ কিন্তু বৰ্তমান সময়ত এই ব্যৱস্থাসমূহ অব্যৱহূত হৈ সময়ত গতিত হেৰাই গৈছে৷ কঁকাল পেলাই মাটিত বহিব নোৱাৰে আজিকালিৰ ল’ৰা-ছোৱালীয়ে৷ কিবা খাব লগা হ’লে ডাইনিং টেবুল, চকী আদি ব্যৱহাৰ কৰা হয়৷ কিন্তু দিনটোৰ ভিতৰত এইদৰে মাটিত এবাৰ-দুবাৰ বহাটো অত্যন্ত প্ৰয়োজন৷ আনকি এনে বহুতো মানুহো আছে, যিসকলে এবাৰ মাটিত বহিে্‌লই সহজে উঠিব নোৱাৰে৷ কাৰোবাৰ হাতত ধৰি বা সহযোগহে মাটিৰ পৰা উঠিব লগা হয়৷ মাটিত কঁকাল হাত ভাঁজ কৰি পেলাই বহিলেই তেনে লোকৰ অৱস্থা কাহিল হৈ পৰে৷ সেয়ে এনেধৰণৰ অৱস্থা থাকিলে বা মাটিত বহি উঠিবলৈ অসুবিধা পোৱাসকলে নিয়মিতভাৱে যোগাসন কৰিব পাৰে৷ এনে কিছুমান আসন আছে, যিবোৰ আসন কৰাৰ ফলত শৰীৰটো ফ্লেক্সিবল হয়, উঠা-বহাত কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়৷ হনুমানাসন আসন কৰিলে এইধৰণৰ সমস্যাৰ পৰা সকাহ পাব পাৰি৷ হনুমানাসন আসন কৰিলে গেহৰ গঠনভংগী ঠিকে কৰাত সহায় কৰে৷ এই আসনে শৰীৰৰ নিম্নাংশৰ নমনীয়তা বৃদ্ধি কৰে৷ ভৰিৰ পেশী মজবুত কৰাত এই আসন উত্তম৷ স্নায়ুতন্ত্ৰক সঠিকভাৱে পৰিচালনা কৰাত এই আসনে সহায় কৰে৷ হনুমানাসন কৰাৰ অভ্যাস কৰিলে হাত, ভৰিৰ বাদেও কঁকাল, পিঠি আৰু মেৰুদণ্ডৰ ব্যথা নিৰ্মূল কৰিব পাৰে৷
কিদৰে কৰিব হনুমানাসন ঃ- শৰীৰচৰ্চাৰ কৰাৰ আগতে ষ্টে˜চিং বা ৱাৰ্ম আপ কৰক৷ এইবাৰ মেটৰ ওপৰত হাত ভাঁজ কৰি বজ্ৰাসনত বহি লওক৷ এই সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিকভাৱে লওক৷ এইবাৰ লাহে লাহে যিকোনো ভৰি ওখন সন্মুখৰ ফাললৈ প্ৰসাৰিত কৰক৷ আনহাতে আনখন ভৰি ভাঁজ কৰি ৰাখক৷ এনে অৱস্থাত হাত দুখনেৰে মাটিত হেঁচা মাৰি ধৰি শৰীৰৰ ভাৰসাম্য বৰ্তাই ৰখিব৷ এতিয়া হাতত ভৰ ৰাখি ভাঁজ কৰি থোৱা ভৰিখন পিছফালে লাহে লাহে প্ৰসাৰিত কৰক৷ ক্ৰমে দুয়োখন ভৰি সমান্তৰালভাৱে বিপৰীত দিশে অৱস্থান কৰোৱাই সম্পূৰ্ণ মেলি দিব৷ এইবাৰ হাত দুখন মূৰৰ ওপৰলৈ দাঙি ধৰক৷ মনত ৰাখিব ভৰি দুখন যাতে মাটিৰ সমান্তৰালভাৱে লাগি থাকে৷ এইদৰে কিছু সময় ৰৈ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here