মাছৰ মূৰ নে ফিচা কোন অংশ বেছি পুষ্টিগুণ

0
5

উচ্ছ প্ৰ’টিনযুক্ত খাদ্য হিচাপে মাছৰ তুলনা নাই৷ মাছে আমাৰ শৰীৰৰ প্ৰয়োজনীয় প্ৰ’টিনৰ যোগান ধৰে৷ পুষ্টিগণেৰে সমৃদ্ধ মাছে আমাৰ শৰীৰৰ উপকাৰৰ লগতে বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে৷ মাছ সকলোৰে প্ৰিয় আৰু ৰন্ধাৰ পাছত মাছৰ বিভিন্ন অংশক লৈও দুৰ্বলতা আছে আৰু খাবলৈ পচন্দ কৰে৷ অৰ্থাৎ ভাতৰ পাতত সেই বিশেষ অংশ যেনে মূৰ, ফিচা, বুকুৰ অংশ আদি ভাগত পৰিলে মনোতৃপ্তিৰে এসাঁজ খোৱা হয়৷ অৱশ্যে অকল মনৰ তৃপ্তিৰ কথাই নহয়, মাছৰ বিভিন্ন অংশৰ পুষ্টিগুণো ভিন ভিন৷ সাধাৰণতে মাছৰ মূৰ অংশ মূৰিঘণ্টা বনাই বা ফিটাৰ অংশ অমিতা-লাওৰ খাৰ বনাই বা মৰমৰীয়াকৈ ভাজি খোৱা হয়৷ অৱশ্যে মাছৰ মূৰ বা ফিচাৰ পুষ্টিগুণৰ বিষয়ে বহুতৰে অজানা৷ মাছ হৈছে পুষ্টিগুণৰ ভাণ্ডাৰ৷ মাছৰ মূৰ অংশত ভিটামিন-এ আৰু ৰেটিনল থাকে৷ সেয়ে মাছৰ মূৰ খোৱাৰ ফলত কুকুৰীকণা ৰোগৰ পৰা হাত সাৰিব পাৰি৷ যিসকলৰ কুকুৰীকণা ৰোগ আছে, তেওঁলোকে মাছৰ মূৰ অংশ খালে সুফল পাব৷ ইয়াৰ উপৰি মাছৰ মূৰ অংশ খালে বিষণ্ণতা বা হাইপাৰএক্টিভিটি ডিঅৰ্ডাৰৰ সম্ভাৱনা কমাই ৰাখে৷ এই অংশত ওমেগা থ্ৰি ফেটী এচিড পোৱা যায়, যি হাৰ্টৰ কাৰণে ভীষণ উপকাৰী৷ আনহাতে যিবোৰ মাছত যথেষ্ট পৰিমাণে কাঁইট থাকে, তাত কেলচিয়াম যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে হাড় মজবুত তথা হাড়ৰ সুস্থতাৰ বাবে অতি প্ৰয়োজনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here