মাছৰ কণীয়ে হাৰ্টৰ ক্ষতি কৰে নেকি ?

0
147

মাছৰ কণী খাবলৈ সোৱাদযুক্ত আৰু বহুতেই ইয়াক বিভিন্ন পদ্ধতিৰে বনাই খাবলৈ পচন্দ কৰে৷ মাছৰ কণী প্ৰিয় কিছুমান লোক আছে যিয়ে খাবলৈ বজাৰৰ পৰা অকল মাছৰ কণীহে কিনি আনে৷ অৱশ্যে মাছৰ কণীক লৈ বিভিন্নজনৰ মনত হাজাৰটা প্ৰশ্নৰ উদ্ভৱ হয়৷ কিছুমানে ভাবে যে মাছৰ কণী খালে হাৰ্টৰ ক্ষতি হয় তথা হাৰ্ট এটেকৰ দৰে সমস্যা বাঢ়িব পাৰে৷ কিছুৱে আকৌ পেট বিভিন্ন সমস্যা তথা শৰীৰৰ নানা জটিস সমস্যাৰ মূল বুুলি গণ্য কৰে৷ মনত উদয় হোৱা এই সকলো প্ৰশ্নৰ উত্তৰত পুষ্টিবিদে এই সম্পৰ্কে কি কয় সেয়া নিশ্চয় জানিবলগীয়া কথা৷ মাছৰ কণী সম্পৰ্কত পুষ্টিবিদে জনোৱা মতে আমাৰ অতি প্ৰিয় খাদ্য মাছৰ কণী হৈছে প্ৰ’টিনৰ ভাণ্ডাৰ৷ ইয়াৰ লগতে মাছৰ কণীত কিছু পৰিমাণে ওমেগা থ্ৰী ফেটি এচিড পোৱা যায়৷ কিছু পৰিমাণে কলেষ্টৰলো মজুত থাকে মাছৰ কণীত৷ আৰু এই উপাদানবোৰ হাৰ্টৰ ক্ষতি কৰাৰ কাৰণে সিদ্ধহস্ত৷ সেয়ে নিয়মিতভাৱে যদি মাছৰ কণী খোৱা যায়, তেতিয়াহ’লে অৱশ্যে হাৰ্টৰ সমস্যা হ’ব পাৰে৷ প্ৰতিদিনে মাছৰ কণী খোৱাৰ অভ্যাস থাকিলে এই বিষয়টো মনত ৰখা ভাল৷ অৱশ্যে মাজে মধ্যে খালে একে অসুবিধা নহয়৷ কিছুমানে আকৌ তেল-মছলা দি মাছৰ কণী বনাই খোৱাৰ অভ্যাস কৰি লয়৷ এইদৰে খোৱাটো কিন্তু মুঠেও স্বাস্থ্যসন্মত নহয়৷ এইদৰে স্পাইচি কৰি খোৱাৰ ফলত হাৰ্টৰ সমস্যাই দেখা দিব পাৰে৷ এজন সুস্থ মানুহে সপ্তাহত এবাৰ মাছৰ কণী খালে উপকাৰ পোৱা যায়৷ বিপৰীতে ডায়েবেটিছ, প্ৰেছাৰ, কলেষ্টৰেলৰ সমস্যা থাকিলে ছমাহৰ মূৰত এবাৰ খাব পাৰে৷ যিসকলৰ ইউৰিক এচিড বেছি আছে, তেওঁলোকে ইতিমধ্যেই হাৰ্টৰ অসুখত আক্ৰান্ত৷ তেনে লোকে এই খাদ্য এৰাই চলাই ভাল৷ অৱশ্যে মাছৰ কণী এৰাই চলিলেও মাছ অৱশ্যেই খাব পাৰে৷ কাৰণ এই প্ৰাণীজ খাদ্যত প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়৷ মাছৰ পৰ্যাপ্ত পৰিমাণে ভিটামিন আৰু খনিজও থাকে৷ যিবোৰ উপাদান শৰীৰৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়৷ সেয়ে শৰীৰ সুস্থ তথা নিৰোগী কৰি ৰাখিবলৈ প্ৰতিদিনে মাছ খোৱাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here