মাইগ্ৰেনৰ যম, পেটৰ সমস্যা সমাধানত ‘কেলচিয়ামৰ খনি’ যষ্টিমধু

0
17

মাইগ্ৰেনৰ পৰা ৰক্ষা পৰিবলৈ আনহাতে এইবিধ মছলা মুখত ৰাখিলে পেটৰ বিভিন্ন সমস্যা সহজে সমাধান হোৱাৰ সহায় কৰে যষ্টিমধুৱে৷ কেলচিয়ামৰ ভাণ্ডাৰ যষ্টিমধুক কেলচিয়ামৰ উপৰি প্ৰ’টিন, এণ্টিঅক্সিডেণ্টৰ দৰে বিভিন্ন উপযোগী উপাদান থাকে৷ কাহ, চৰ্দি আদিৰ দৰে সমস্যা হ’লে ইয়াক ব্যৱহাৰ কৰা হয়৷ যষ্টিমধু ভিটামিন তথা খনিজৰে সমৃদ্ধ৷ মিঠা সোৱাদৰ যষ্টিমধু জীৱনদাতা ভেষজতকৈ কোনোগুণে কম নহয়৷ এইবিধ মছলাজাতীয় খাদ্যই বিভিন্ন ৰোগ নিৰ্মূল কৰাত সহায় কৰে৷ যষ্টিমধু শৰীৰৰ কাৰণে খুব উপকাৰী৷ সাধাৰণতে পাণৰ সৈতে এইবিধ মছলা খোৱা হয়৷ যষ্টিমধুৱে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে৷ এইবোৰৰ ভিতৰত মূৰৰ বিষ, চুলিৰ বৃদ্ধি, মাইগ্ৰেনৰ সমস্যা, চকুৰ সমস্যা, কাণ তথা নাকৰ বিভিন্ন ৰোগ, মুখৰ ঘা নিৰ্মূল কৰিবলৈ, কাহ, চৰ্দি, শ্বাসকষ্ট, হাৰ্টৰ সুস্থতা, পেটৰ বিভিন্ন সমস্যা, বমি, ডায়েৰিয়া, ৰক্তাল্পতা, প্ৰস্ৰাৱৰ জ্বালা-পোৰা আদি নিৰাময়ৰ বাবে খুব উপকাৰী৷ আনহাতে আলচাৰ, মৃগীৰোগৰ ক্ষেত্ৰতো এইবিধ মছলাজাতীয় খাদ্য কাৰ্যকৰী৷ কোনো দুৰাৰোগ্য ৰোগত ভুগি থাকিলে আয়ুৰ্বেদিক চিকিৎসকে যষ্টিমধু ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে৷ অৱশ্যে যষ্টিমধু অত্যধিক পৰিমাণে খালে পেশী তথা ভৰিৰ ব্যথা হ’ব পাৰে৷ সেয়ে নিয়ম মতে খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here