ৰন্ধাৰ আগে আগে মাংসত নিমখ-হালধি সানি লোৱা হয়৷ যাতে মাংসৰ টুকুৰাৰ ভিতৰত ভালদৰে নিমখ সোমাই যাব পাৰে৷ ইয়াৰ লগতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ বাবেও এনে পদ্ধতি লোৱা হয়৷ কিছুমানে ইয়াৰ লগত নেমুৰ ৰসো সংযোগ কৰে৷ এইদৰে কৰা পদ্ধতি মেৰিনেশ্যন ৰন্ধন প্ৰণালীৰ অকল ঢাপেই নহয়, বিজ্ঞান ভিত্তিক প্ৰয়োজনীয় ঢাপো৷ মাংসত নিমখ বা নেমুৰ ৰস মিহলাই ৰাখিলে ৰন্ধাৰ উপকৰণেই সলনি হয়৷ সকলো পদ্ধতিতে এই ঢাপ তাৎপৰ্যপূৰ্ণ৷ মেৰিনেশ্যনৰ ফলত মাংস নৰম হয়, আদ্ৰৰ্তা ধৰি ৰাখিব পাৰে৷ নিমখ আৰু নেমুৰ ৰসৰ মেৰিনেশ্যনে দুইধৰণৰ ভূমিকা পালন কৰে৷ সোৱাদ বৃদ্ধিৰ বাবে নিমখৰ গুৰুত্ব আছে৷ এই মিশ্ৰণৰ ফলত জটিল পদ্ধতিত নিমখ মাংসৰ ভিতৰত সোমাই আদ্ৰৰ্তা বাহিৰ কৰি দিয়ে৷ নিমখ মিহলোৱাৰ বাবে মাংসৰ পৰা দ্ৰুতভাৱে পানী ওলায়৷ যাৰ বাবে পেশীৰ তন্তুবোৰক পৃথক কৰি মাংসক নৰম কৰিব পাৰে নিমখে৷ আনহা্তে ভিনেগাৰ, নেমুৰ ৰস, ৱাইন, ইয়োগাৰ্ট, ৱাটাৰমি{¨ৰ দৰে এচিডিক উপকৰণবোৰে মাংসত মিহলাই ল’লে মাংসৰ উপৰিতলৰ প্ৰ’টিনৰ গঠন সলনি কৰি দিব পাৰে৷ এচিডৰ টেঙা ভাব মাংসৰ সোৱাদত আহি যায়৷ অৱশ্যে নিমখৰ দৰে মাংসৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে এচিডে৷ ই মূলতঃ মাংসৰ বাহিৰৰ অংশটোকহে নৰম কৰে৷ মেৰিনেশ্যনৰ সময়ত কিছু কথালৈ মনত ৰখা ভাল৷ সৰ্বাগ্ৰে সতেজ বা সুগন্ধযুক্ত উপকৰণেৰে মেৰিনেট কৰিব লাগে৷ দীৰ্ঘসময় ধৰি মেৰিনেট কৰা মানে কিন্তু মাংসৰ ভিতৰৰৰ উপকৰণবোৰ প্ৰৱেশ কৰা নহয়৷ উপকৰণবোৰ যদি যথাযথ অনুপাতে মিশ্ৰিত হয়, তেন্তে কম সময়তো ভাল মেৰিনেশ্যন হ’ব পাৰে৷ তেল বা দৈৰ দৰে উপকৰণে এচিডিক উপাদানবোৰৰ দৰে কাম কৰে৷ সেয়া নিৰ্ভৰ কৰে আপুনি কোন পদ্ধতিত ৰন্ধা কৰিব বিচাৰে, তাৰ ওপৰত৷ ফ্ৰিজৰ পৰা মেৰিনেট কৰা মাংস বাহিৰ কৰিয়েই ৰন্ধাৰ বাবে নিদিব৷ ইয়াৰ বাবে সোৱাদত হেৰফেৰ হ’ব পাৰে৷ আনহাতে অতিৰিক্ত মেৰিনেশ্যনৰ বাবে মাংস গলি যাব পাৰে৷ খুব বেছি সময় মেৰিনেট কৰি ৰাখিলে এচিডৰ বিক্ৰিয়াত মাংসৰ গঠনত পৰিৱৰ্তন আহে৷