মহিলাৰ হৰমনৰ অসন্তুলন হ’লে কেনেকৈ জানিব ? How to detect hormonal imbalance in women?

0
1903
হৰমন হৈছে আমাৰ শৰীৰত থকা এবিধ কেমিকেল, যিয়ে তেজৰ মাধ্যমেৰে শৰীৰৰ অন্য অংগ আৰু টিছুসমূহলৈ প্ৰবাহিত হৈ কেনেধৰণে কি কৰিব লাগে বাৰ্তা প্ৰেৰণ কৰে৷ ই আমাৰ শৰীৰৰ প্ৰধান কাম যেনে– শৰীৰৰ বিকাশ, মেটাবলিজম, প্ৰজনন আদি নিয়ন্ত্ৰণ কৰে৷ শৰীৰত হৰমনৰ পৰিমাণ অধিক হোৱা বা একেবাৰে কমি যোৱাটো উচিত নহয়৷ এনে পৰিস্থিতিক হৰমনৰ অসন্তুলন হোৱা বুলি কোৱা হয়৷

সকলো ব্যক্তিৰে এটা সময়ত হৰমনৰ অসন্তুলন হোৱা দেখা যায়৷ পিছে প্ৰথম অৱস্থাত ইয়াক ধৰা পেলোৱা কঠিন হয়৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত কন্যাকালত, গৰ্ভাৱস্থাত, শিশুক স্তনপান কৰোৱা সময়ত, ৰজোনিবৃত্তিৰ সময়ত হৰমনৰ অসন্তুলন হোৱা দেখা যায়৷

How to overcome hormonal imbalance - Quora

মহিলাসকলৰ হৰমনৰ অসন্তুলন হ’লে প্ৰথমে দেখা দিয়া কেইটামান লক্ষণ হ’ল–
(১) মাহেকীয়াত অত্যধিক ৰক্তক্ষৰণ হোৱা বা মাহেকীয়া বন্ধ হোৱা
(২) চুলি সৰা
(৩) মুখমণ্ডলত অধিক চুলি গজা

Permanent body and facial hair removal blog | Peach Clinics

(8) মূৰৰ বিষ
(৫) মুখ, বুকু আৰু পিঠিত পিম্পল্‌ছ ওলোৱা
(৬) মহিলাৰ যোনি শুষ্ক হোৱা
(৭) যৌন সম্ভোগৰ সময়ত বেদনা হোৱা
(৮) ৰাতি হঠাৎ ঘামি অহা
(৯) মন ভাল লাগি নথকা, ডিপ্ৰেশ্যন, ওজন বৃদ্ধি ইত্যাদি৷

How to control mood swings: 6 science-backed hacks that can help

এনেধৰণৰ লক্ষণে দেখা দিলে আপুনি নিশ্চিত হওক যে আপোনাৰ হৰমনৰ অসন্তুলন হৈছে৷ এনে সময়ত আপুনি ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here