মহিলাৰ মগজুৰ অস্ত্ৰোপচাৰতওলাল জীৱন্ত কৃমি

0
816


মানুহৰ মগজুৱে আমাৰ সকলোখিনি নিয়ন্ত্ৰণ কৰে৷ অৰ্থাৎ মগজু হ’ল আমাৰ প্লেনমেকাৰ৷ কিন্তু এই মগজুতো জীৱন্ত কৃমি থাকিব যে পাৰে, সেয়া কল্পনাৰো অগোচৰ৷ হয়, আচৰিত লাগিলেও এয়া সত্য৷ এনে এটা ঘটনাই শেহতীয়াভাৱে পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণী মতে অষ্টে˜লিয়াৰ কেনবেৰাত বাস কৰা এগৰাকী মহিলাৰ মস্তিষ্কত জীৱন্ত পাইথনৰ দেহত থকা কৃমি থকাটো ধৰা পৰে৷ তাৰ পাছতেই চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে মগজুৰ পৰা এই কৃমি বাহিৰ কৰে৷ চিকিৎসকে জনোৱা মতে মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জ্বৰ, ডায়েৰিয়া, উদৰপীড়া আদি ৰোগত আক্ৰান্ত হৈ আছিল৷ পাছলৈ মহিলাগৰাকীয়ে মানসিক চাপত আক্ৰান্ত হয় আৰু কথা পাহৰি যোৱা, মানসিক চাপৰ বিভিন্ন লক্ষণ দেখা দিছিল৷ তাৰ পৰৱৰ্তী সময়ত চিকিৎসালয়ত মহিলাগৰাকীৰ এম আৰ আই কৰাত সকলোকে আচৰিত কৰি মহিলাগৰাকীৰ মগজুত জীৱন্ত কৃমিৰ অস্তিত্ব ধৰা পৰে৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পাছত চিকিৎসকে এইধৰণৰ কৃমি পাইথনৰ দেহতহে থাকে বুলি নিশ্চিত কৰে আৰু মানুহৰ মগজুত এই কৃমিৰ প্ৰথম সন্ধান লাভ কৰা বুলি সদৰী কৰে৷ লগে লগে মহিলাগৰাকীৰ মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰি জীৱন্ত কৃমি বহিৰ কৰা হয়৷ জানিব পৰা মতে মহিলাগৰাকীয়ে থকা ঠাইৰ পিছফালে হ্ৰদ আছে আৰু এই হ্ৰদত পাইথনৰ পোৱা যায়৷ সেয়ে চিকিৎসকে অনুমান কৰা অনুসৰি এই হ্ৰদত থকা পাইথনৰ দেহৰ পৰাই এই কৃমিয়ে মহিলাগৰাকীৰ মস্তিষ্কত প্ৰৱেশ কৰে আৰু এনে এটা অভাৱনীয় ঘটনা সংঘটিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here