মহাসাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎদূৰবীণ সজাৰ পৰিকল্পনা চীনৰ

0
230


চীনে মহাসাগৰৰ পানীৰ তলত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দূৰবীণ সজাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ চীনৰ লোকসকলে ইয়াক হাই লিং নাম দিছে৷ ইয়াৰ অৰ্থ হ’ল সামুদ্ৰিক ঘণ্টা৷ এই দূৰবীণৰ নাম দিয়া হৈছে ট্ৰপিকেস ডীপ ছি নিউট্ৰিন’ টেলিস্ক’প [ট্ৰাইডেণ্ট]৷ ২০৩০ চনৰ ভিতৰত এই দূৰবীণৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব৷ ইয়াৰ পিছত এই দূৰবীণে নিউট্ৰিন’ অৰ্থাৎ ৰহস্যময় কণাৰ সন্ধান কৰিব৷ নিউট্ৰিন’ এক ৰহস্যজনক কণা৷ প্ৰতি ছেকেণ্ডত ১০০০ কোটি কণা [নিউট্ৰিন’] মানুহৰ শৰীৰৰ প্ৰতি বৰ্গ চেণ্টিমিটাৰৰ মাজেৰে পাৰ হয়, কিন্তু কোনেও এই বিষয়ে একোকে নাজানে৷ এই কণাবোৰত দুৰ্বোধ্য ইলেক্ট্ৰিকেল আধান থাকে৷ এই কণাবোৰৰ কোনো ওজন নাই বা ইয়াক গণনাও কৰিব নোৱাৰি আৰু আন কোনো পদাৰ্থৰ সৈতে কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি নকৰে৷ যদিহে এই কণাবোৰৰ গতি কম কৰিব পাৰে তেতিয়া কিছুমান কণাক লৈ গৱেষণা কৰিব পাৰিব আৰু তেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে জানিব পৰা যাব৷ ইয়াৰ লগতে মহাকাশত হৈ থকা বিস্ফোৰণ, উজ্জ্বলতা, আন্ধাৰ আৰু সংঘৰ্ষবোৰৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব৷ হাইলিঙে এই বিষয়ে অধ্যয়ন কৰি তথ্য আহৰণ কৰাৰ চেষ্টা কৰিব৷ এই প্ৰকল্পটোৰ মুখ্য বিজ্ঞানী শ্বু ডংলিয়ানে এই কথা প্ৰকাশ কৰিছে৷ চীনৰ এই বিশাল সামুদ্ৰিক দূৰবীণত ২৪ হাজাৰতকৈ অধিক চেন্সৰ, ১২১১ ষ্ট্ৰিং থাকিব৷ এই ষ্ট্ৰিংবোৰ ২৩০০ ফুট উচ্চতাৰ হ’ব আৰু এইবিলাক সাগৰৰ তলিৰ সৈতে বান্ধি ৰখা হ’ব৷ ইয়াৰ মূৰৰ ভাগটো সমুদ্ৰপৃষ্ঠৰ দিশে থাকিব৷ যেতিয়া ই কাম কৰা আৰম্ভ কৰিব তেতিয়া ইয়াৰ আশেপাশে প্ৰায় ৭.৫ কিউবিক কিল’মিটাৰ এলেকাত নিউট্ৰিন’ৰ সন্ধান কৰিব৷ নিউট্ৰিন’ বিশ্বৰ সকলো স্থানতে পোৱা যায়৷ পৃথিৱীৰ সকলো দিশতে এই কণাবোৰ ঘূৰি ফুৰে৷ বিশ্বৰ প্ৰায় সকলো জীৱৰ শৰীৰত এই কণাবোৰে খুন্দা মাৰিছে বা পাৰ হৈ গৈছে, কিন্তু কোনেও এই বিষয়ো কোনো কথা অনুভৱ কৰিব নোৱাৰে৷ ফটনৰ পাছতে বিশ্ব ব্ৰহ্মাণ্ডত সৰ্বাধিক মাত্ৰাত পোৱা ছাব-এটমিক কণাবোৰেই হ’ল নিউট্ৰিন’৷ ইয়াৰ উৎপত্তি হয় নক্ষত্ৰৰ পৰমাণুৰ বা অভ্যন্তৰত হোৱা কোনো ধৰণৰ বিস্ফোৰণৰ ফলত৷ ইয়াৰ ফলত মহাজাগতিক ৰশ্মি, তেজস্ক্ৰিয় ক্ষৰণ আৰু পৃথিৱীত থকা পাৰমাণৱিক ৰিয়েক্টৰসমূহৰ পৰাও নিউট্ৰিন’ৰ উৎপত্তি হয়৷ বৈজ্ঞানিকসকলে ইয়াৰ বিষয়ে জানিব পাৰে ১৯৫৬ চনত৷ এই কণাবোৰ সূৰ্যৰ ফালৰ পৰাও আহে বুলি বিজ্ঞানীসকলে জানিব পাৰে৷ হাই লিঙে সমুদ্ৰৰ তলৰ পৰা অতি দুৰ্লভ মহাজাগতিক ৰশ্মিৰ ফলত উৎপত্তি হোৱা নিউট্ৰিন’ৰ বিষয়ে অধ্যয়ন কৰিব৷ এই দূৰবীণ সমুদ্ৰৰ ১১,৫০০ ফুট তলত স্থাপন কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here