মহামাৰীৰ পৰা হাত সাৰিবলৈ বিশ্বকবাদুলিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান

0
542


বিশ্বক পৰৱৰ্তী মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ হ’লে বাদুলিৰ পৰা আঁতৰি থাকিবলৈ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে৷ শেহতীয়াকৈ কৰা এটা গৱেষণাৰ পৰা এই কথা কোৱা হৈছে৷ আনকি বাদুলি আৰু সিহঁতৰ বাসস্থানত মানুহে যাতে হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ বাবে এক বিশ্ব পৰ্যায়ৰ সন্ধি কৰিবলৈ আহবান জনোৱা হৈছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃ¸ষ্টি কৰা কৰ’না ভাইৰাছ বাদুলিৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হোৱা বুলি কোৱা হৈছে৷ অৱশ্যে এইটো এতিয়ালৈকে নিশ্চিত কৰিব পৰা নাই৷ অলপতে লেনছেট প্লেনেটৰি হে’ল্‌থ জাৰ্নেলত প্ৰকাশ পোৱা এক প্ৰতিবেদনত পৰৱত¹ মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ হ’লে বাদুলিৰ সংস্পৰ্শৰ পৰা আঁতৰি থকাৰ আহবান জনোৱা হৈছে৷ প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে কোনো ভাইৰাছ গৱেষণাগাৰৰ পৰা সংক্ৰমিত হ’লেই ইয়াৰ মূল উৎস বাদুলিয়েই৷ আনহাতে বাদুলিক সমগ্ৰ বিশ্বৰ বৃহৎসংখ্যক ভাইৰাছৰ ভাণ্ডাৰ বুলি কোৱা হয়৷ এই ভাইৰাছবোৰৰ পৰা মানুহৰ লগতে আন প্ৰজাতিসমূহো প্ৰভাৱিত হয়৷ ৰেবিজ, মাৰবাৰ্গছ ফিল’ভাইৰাছ, হেণ্ড্ৰা, নিপাহ পেৰামাইক্স’, মাৰ্ছ, ইবোলা, ছাৰ্চ, কৰ’নাৰ দৰে ভালেমান ভাইৰাছত বাদুলিৰ পৰাই মানুহৰ দেহলৈ সংক্ৰমিত হৈছিল৷ বিজ্ঞানীসকলৰ মতে বাদুলিৰ গাত এনেকুৱা হাজাৰ হাজাৰ ভাইৰাছ আছে, যিবোৰৰ বিষয়ে মানুহে এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি যদিহে মানুহে বাদুলিক অকলে থাকিবলৈ দিয়ে আৰু সিহঁতৰ বাসস্থানত কোনোধৰণৰ হস্তক্ষেপ নকৰে, তেন্তে মানৱ জাতিৰ বহু উপকাৰ হ’ব৷ ৱল্ডৰ্ কনজাৰভেশ্যন ছ’চাইটিৰ ইণ্টাৰনেশ্যনেল পলিচিৰ উপাধ্যক্ষ ড॰ ছুজন লিবাৰমেনৰ মতে বৰ্তমান ৮০০ কোটি মানুহে বন্যপ্ৰাণী আৰু পৰিৱেশতন্ত্ৰৰ সৈতে সম্পৰ্কক কেতিয়াও উলাই কৰিব নোৱাৰে৷ প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰো পৰিৱৰ্তন সাধন কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here