মহাবিশ্বৰ প্ৰথম ৰং কি আছিল জানেনে?

0
1

মহাবিশ্বৰ দৰে সীমাহীন বস্তুৰ বিষয়ে জানিবলৈ আমাৰ কৌতূহল আৰু বিস্ময়ৰ অন্ত নাই৷ মহাবিশ্বক লৈ বিভিন্ন সময়ত উদঘাটন হৈ আহিছে বিভিন্ন তথ্য৷ যাৰ কোনো আদি-অন্ত নাই, আমি তাৰ বিষয়ে বহু অজানা কথাই হয়তো আছে জানিবলৈ৷ অসীম স্থানকাল লৈয়ে গঠিত এই মহাবিশ্ব৷ যাৰ বিষয়ে বহু কথাই বিজ্ঞানীয়ে জানিব পাৰিছে যদিও এতিয়াও বহু কথা অজানা হৈয়ে আছে৷ মহাবিশ্বৰ বিষয়ে এইসমূহ জটিল প্ৰশ্নৰ মাজতে খুব নিৰীহ প্ৰশ্ন এটা হ’ল এয়ে যে মহাবিশ্বৰ ৰং আগতে কেনেকুৱা আছিল৷ সম্প্ৰতি ইয়াৰ উত্তৰ জানিব পাৰিছে দ্য ইউনিভাৰ্ছ ইন ১০০ কালাৰ্ছ ঃ উইয়াৰ্ড এণ্ড ওৱাল্ডাৰ্ছ কালাৰ্ছ ফ্ৰম ছায়েন্স এণ্ড নেচাৰত প্ৰকাশিত এক লেখাৰ জৰিয়তে৷ যিটো লিখিছে টাইলাৰ থ্ৰেচাৰ আৰু টেৰি মুডছে৷ তেওঁলোকৰ লগত হোৱা কথোপকথনৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ক ছাইট পপুলাৰ ছায়েন্সে৷ উল্লেখ্য যে তিনি লাখ আশী হাজাৰ বছৰ আগতে মহাবিশ্বৰ ৰং আছিল উজ্জ্বল উষ্ণ চকচকীয়া পিচ কমলা ৰঙৰ৷ এই সময়ত মহাবিশ্বৰ তাপমাত্ৰা নামি আহিছিল তিনি হাজাৰ কেলভিন বা ২৭২৭ ডিগ্ৰী ছেলচিয়াছ অৰ্থাৎ ৪৯৩৮ ডিগ্ৰী ফাৰেনহাইট৷ এই সময়ত আগতে শিশু মহাবিশ্বৰ প্লাজমা ইমান ঘন আছিল যে ইয়াৰ মাজৰে পোহৰ পাৰ হ’ব পৰা নাছিল৷ মহাবিশ্বত কোনো বস্তু প্ৰস্তুতৰ আগতে প্ৰয়োজনীয় আছিল ইয়াৰ তাপমাত্ৰা যথেষ্ট কমি থকাৰ, যাৰ ফলত পৰমাণুৰ গঠন প্ৰস্তুত হ’ব পাৰে৷ আৰু পৰমাণু তৈয়াৰ নহ’লে ৰং প্ৰস্তুতো সম্ভৱ নহয়৷ বৰ্তমান মহাবিশ্বৰ গড় তাপমাত্ৰা তিনি কেলভিনৰ ঠিক কাষতে৷ যি প্ৰাচীন মহাবিশ্বৰ তিনি হাজাৰ কেলভিন তাপমাত্ৰাৰ পৰা হ্ৰাস পায়৷ এই অনুমানটো কৰা হৈছে কছমিক বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন হিচাপ কৰি, যিটোক ধৰা হয় বিগ ব্যাং বা মহাবিস্ফোৰণ তত্ত্বৰ মূল বিষয় হিচাপে৷ আদি মহাবিশ্বৰ তাপমাত্ৰা সমানভাৱে বণ্টিত আছিল. যাৰ তৰংগদৈৰ্ঘ্য মিলে এক কৃষ্ণবস্তুৰ সৈতে৷ এইটো এনে এটা বস্তু বা জিনিচ, যি প্ৰস্তুত কৰা উপাদানৰ সলনি কেৱল ইয়াৰ তাপমাত্ৰাৰ ওপৰত ভিত্তি কৰি ৰং দেখা যায়৷ মহাবিশ্বৰ স্থান-কালৰ পৰিব্যপ্তিৰ সৈতে পৰ্যবেক্ষণ কৰাত সম্ভৱ হ’ব৷ সেয়ে প্ৰাথমিক মহাবিশ্বৰ ৰং উষ্ণ কমলা কেম্পফায়াৰৰ দৰে হয়৷ এই উজ্জ্বল কমলা ৰংটো লাহে লাহে গাঢ় আৰু বিবৰ্ণ হৈ পৰিব, য’তক্ষণ মহাবিশ্বৰ বয়স প্ৰায় একশ মিলিয়ন হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here