মহানুভৱতা: কৰ্কট ৰোগীৰ বাবে নিজৰ চুলি দান

0
1029
যুৱতী বা মহিলাৰ বাবে দেহৰ আটাইতকৈ মৰমৰ হৈছে নিজৰ দীঘল চুলিকোছা৷ সেই চুলিকোছা সুন্দৰ কৰি ৰখাৰ বাবে তেওঁলোকে নানা যত্ন কৰাৰ লগতে দীঘল চুলিটাৰিক লৈ কবিয়ে লিখে প্ৰেমৰ কবিতা৷ কিয়নো এগৰাকী যুৱতী বা মহিলাৰ দৈহিক সৌন্দৰ্যৰ ক্ষেত্ৰত সোণত সুৱগা চৰায় দীঘল চুলিকোছাই৷ কিন্তু তাৰ বিপৰীতে যেতিয়া স্ব-ইচ্ছাই এগৰাকী কিশোৰীয়ে নিজৰ চুলিকোছা কাটি পেলায়, তেনে ক্ষেত্ৰত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, আৰু যদি এই ক্ষেত্ৰত কিশোৰীগৰাকীৰ এক মহান উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে, তেন্তে ই হৈ পৰে সহস্ৰজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস৷ সম্প্ৰতি তেনে এক কৰ্মৰে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ এগৰাকী তৰুণীয়ে৷ এই যুৱতীগৰাকীৰ নাম নুংশিবী সিং৷ নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আৰু নাহৰকটীয়াৰ নিৱাসী নুংশিবীৰ মাতৃ ধৰিত্ৰী লাহন পেছাত এগৰাকী শিক্ষয়িত্ৰী৷ উল্লেখ্য যে মাথোঁ দুটা বছৰ পূৰ্বে পিতৃহাৰা হোৱা ১৫ বছৰ বয়সীয়া নুংশিবী ইউটিউবৰ পৰম ভক্ত আৰু এই ইউটিউবৰ আলমতে নুংশিবীয়ে কৰি দেখুৱালে এনে এক কৰ্ম, যাৰ বাবে তাইক এতিয়া সকলোৱে ওপচাই পেলাইছে প্ৰশংসাৰে৷ সেই অনুসৰি মাত্ৰ কিছুদিনলৈকে নিজৰ সযত্নপালিত চুলিকোছাক লৈ গৰ্ব কৰা নুংশিবীয়ে কাটি পেলালে নিজৰ হিয়াৰ আমঠু বুলি গণ্য কৰা চুলিকোছা৷ কিন্তু জানেনে তেওঁ কিয় কৰিলে এই কাম? প্ৰকৃততে কিশোৰীগৰাকীয়ে ইউটিউবৰ এটা ভিডিঅ’ প্ৰত্যক্ষ কৰি অনুভৱ কৰিছিল কৰ্কট আক্ৰান্ত হৈ কেম’ লোৱাৰ ফলত যেতিয়া এই ৰোগীসকলৰ চুলি সৰি যায়, তেতিয়া তেওঁলোকে ভোগ কৰা মৰ্মবেদনাৰ কথা৷ যাৰ বাবে এই ৰোগীসকললৈ কিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে নিজৰ চুলিকোছা দান দিলে এটা এন জি অ’ক৷ উল্লেখ্য যে নূ্যনতম এক ফুট দৈৰ্ঘ্যৰ চুলি প্ৰদান কৰিবলগীয়া হোৱা এই পদক্ষেপৰ দ্বাৰা মুম্বাইৰ মদত নামৰ এই এন জি অ’টোৱে এনেকৈ দানৰ জৰিয়তে প্ৰাপ্ত কৰা চুলিৰ জৰিয়তে কেন্‌ছাৰ ৰোগীসকলৰ বাবে উইগ তৈয়াৰ কৰি বিলাই আহিছে৷ একমাত্ৰ সেই উদ্দেশ্য আগত ৰাখি কিশোৰীগৰাকীয়ে বছৰ বছৰ ধৰি অতি যত্নেৰে দীঘল কৰা নিজৰ চুলিকোছা কাটি কৰ্কট ৰোগীসকলৰ বাবে আগবঢ়াই দিয়াৰ মহানুভৱতাই সকলোৰে অন্তৰ চুই গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here