কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা পাণবজাৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়৷ জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপায়ুক্তগৰাকীয়ে সাম্প্ৰতিক কভিড মহামাৰীৰ সময়ছোৱাত যান-বাহনৰ চলাচল বন্ধ থকা সত্ত্বেও পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোত উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিভিন্ন দিশত ল’বলগীয়া সজাগতা-সচেতনতাই এই সংখ্যা হ্ৰাস কৰিব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পথ সজাগতা সন্দৰ্ভত ব্যাপক জনসচেতনতা সৃষ্টিৰ বাবে দুমাহজুৰি যি প্ৰচাৰ অভিযান চলোৱাৰ নিৰ্দেশ দিছে তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ সভাখন অনুষ্ঠিত কৰা বুলি উল্লেখ কৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে৷ যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে দুৰ্ঘটনা-প্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি পৰ্যাপ্ত সংখ্যক পথ নিৰ্দেশনা ফলক স্থাপন, ঘাইপথৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰি উপযুক্ত আৰু দৃশ্যমান পথ নিৰ্দেশনা ফলক স্থাপন, দুৰ্ঘটনা-প্ৰৱণ স্পৰ্শকাতৰ স্থানত গতিৰোধক নিৰ্মাণ, ঘাইপথ আৰু ছাৰ্ভিচ ৰ’ড তথা উপ-পথসমূহৰ সংযোগস্থলীসমূহত নিৰ্দেশনা ফলক তথা গতিৰোধক স্থাপনেৰে জনসচেতনতা বৃদ্ধি কৰিব৷ সভাত অতিৰিক্ত উপায়ুক্ত বিপুল দাসে পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি মহানগৰীৰ লখৰা, গড়চুক, বেলতলাৰ বিভিন্ন সংযোগ পথকে ধৰি সোণাপুৰ, ক্ষেত্ৰী আদি অঞ্চলৰ গ্ৰাম্য পথসমূহত স্পীডব্ৰেকাৰ স্থাপন কৰি গতিবেগ নিয়ন্ত্ৰণৰ আহ্বান জনায়৷ অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত মাধুৰীমা দাসে মহানগৰীৰ বিভিন্ন ঠাইত নিশা অধিক পোহৰৰ ব্যৱস্থা কৰি যান-বাহনৰ গতিবেগ আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷ আনহাতে উপ-আৰক্ষী আয়ুক্ত হেমন্ত দাসে পথ নিৰ্দেশনাৰ চিহ্নসমূহ সকলোৱে বুজিব পৰাকৈ আৰু সকলোৰে দৃশ্যমান হোৱাকৈ স্থাপন কৰি পথ সুৰক্ষা অভিযান দ্ৰুতগতিত আগবঢ়াই নিয়াত গুৰুত্ব দিয়ে৷ পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে গুৱাহাটীত দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ লগতে ৰাইজৰ সহযোগিতা আহ্বান কৰে৷