গুৱাহাটী মহানগৰীৰ কভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলৰ জৰিয়তে কভিড সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে৷ তেওঁ জনায় যে গুৱাহাটী মহানগৰত কভিড ভেক্চিন নোলোৱাসকলৰ তালিকা প্ৰস্তুত কৰিব৷ আজিৰ পৰা তিনিদিন ধৰি চলিব এই তালিকা প্ৰস্তুত প্ৰক্ৰিয়া৷ মুঠ ১২০৪টা ভোটকেন্দ্ৰৰ পৰা এই লোকসকলৰ তালিকা সংগ্ৰহ কৰিব৷ তালিকা প্ৰস্তুত সম্পূৰ্ণ হোৱাৰ পাছতে ২৫ৰ পৰা ৩১ আগষ্টৰ ভিতৰত মহানগৰীত কভিড ভেক্চিন প্ৰদানৰ কাম সম্পন্ন কৰা হ’ব৷ ইয়াৰ বাবে এটা ফোন নম্বৰ দিয়া হৈছে৷ উক্ত ফোন নম্বৰটোত মিছড্ কল দিলে ওচৰৰ কেন্দ্ৰত ভেক্চিন লাভ কৰিব৷ ফোন নম্বৰটো হৈছে– ৮৯২৯১-০৩৭৭৬৷ আনহাতে শ্বপিংমলৰ লগতে সকলো ব্যাৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে কভিড ভেক্চিন গ্ৰহণ কৰাৰ প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰিব লাগিব৷ অন্যথা ইয়াৰ বিৰুদ্ধে কঠোৰ হ’বলৈ বাধ্য হ’ব চৰকাৰ তথা স্বাস্থ্য বিভাগ৷