এনে দৃশ্য অতি বিৰল৷ ৰাতি আকাশত এনে এক বিৰল দৃশ্যই প্ৰত্যক্ষ কৰাৰ সুযোগ মিলিছে বিশ্ববাসীৰ৷ পৃথিৱীক ধৰি সৌৰজগতৰ মুঠ গ্ৰহ আঠটা৷ এই গ্ৰহত সাতটাই একেলগে ৰাতিৰ আকাশত দেখাৰ বিৰল মুহূৰ্তৰ সাক্ষী হ’ব পৃথিৱীবাসীয়ে৷ বিজ্ঞানীয়ে জানিবলৈ দিছে যে ৰাতিৰ নিশাৰ আকাশত এই সাতটা গ্ৰহ একেলগে দেখিবলৈ পাব৷ এই বিৰল তথা সুন্দৰ মুহূৰ্ত ধৰা দিব ২৫ জানুৱাৰীৰ নিশা৷ ঠিক সূৰ্য অস্ত যোৱাৰ পাছত অন্ধকাৰ আকাশলৈ লক্ষ্য কৰিলেই দেখিব সাতটা গ্ৰহৰ অৱস্থান৷ বিজ্ঞানীয়ে জনোৱা মতে শুক্ৰ, মঙল, বৃহস্পতি আৰু শনি গ্ৰহক খালী চকুৰে দেখা যাব যদিও বাকী তিনিটা গ্ৰহ খালী চকুৰে দেখা পোৱা নাযায়৷ অৱশ্যে বাইনোকুলাৰ বা টেলিস্কোপৰ সহায়ত এই তিনিটা গ্ৰহো প্ৰত্যক্ষ কৰিব পাৰিব৷ চন্দ্ৰৰ পোহৰ বেছি উজ্জ্বল হ’লে এই গ্ৰহবোৰ দেখাত অলপ অসুবিধা হ’ব পাৰে৷ অৱশ্যে য’ত অমাৱস্যা হ’ব তাতে পৰিষ্কাৰভাৱে দেখা যাব৷ সেয়ে এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে উক্ত নিৰ্দিষ্ট দিনটোলৈ৷