মহাজাগতিক ঘটনা : সূৰ্যগ্ৰহণৰ লগতে দেখা পোৱা যাব ধূমকেতু

0
439


আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি এইবাৰৰ সূৰ্যগ্ৰহণ বিশেষ মহাজাগতিক ঘটনা হ’ব৷ কানাডাত আৰম্ভ হৈ আটলাণ্টিক মহাসাগাৰত শেষ হ’বলগীয়া পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ বিশ্ববাসীত দেখুৱাৰ ব্যৱস্থা কৰিছে নাছাই৷ নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি গ্ৰহণৰ সময়ত সৌৰ চক্ৰ চৰম পৰ্যায়ত থাকিব আৰু সেয়েহে গ্ৰহণৰ সময়ত সৌৰ শিখা ওলাব৷ ইয়াৰ ফলত গ্ৰহণৰ সময়ত বলয় অধিক ডাঙৰ আকাৰত দেখা পোৱা যাব৷ ইয়াৰ লগতে গ্ৰহণৰ সময়ত ধূমকেতুও দেখা পোৱাৰ সম্ভাৱনা আছে বুলি নাছাই প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here