মহাকাশত আৱৰ্জনা নিষ্কাশনৰ বাবে এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ এটা বিশেষ প্ৰজেক্ট এতিয়া সমগ্ৰ বিশ্বকে অবাক কৰিছে৷ আন্তৰ্জাতিক বিজ্ঞানী মহলত এই প্ৰজেক্টটোৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকাৰ এলবামায় আন্তৰ্জাতিক মহাকাশ বিজ্ঞান সন্মিলনলৈ ছাত্ৰজনৰ মহাকাশ সম্পক¹য় প্ৰজেক্ট নিমন্ত্ৰণ লাভ কৰিছে৷ উল্লেখ্য যে বিশ্বৰ বিভিন্ন দেশৰ পৰা মহাকাশলৈ ৰকেট, মহাকাশ ষ্টেচন, অসংখ্য কৃত্ৰিম উপগ্ৰহ আদি পঠিয়াই থকা হয়৷ এটা নিৰ্দিষ্ট সময়ত পাছত এইবোৰৰ ম্যাদ উকলি গ’লে কাৰ্যক্ষমতা নোহোৱা হৈ পৰে৷ এইদৰে ম্যাদ উকলা ৰকেট, কৃত্ৰিম উপগ্ৰহ, মহাকাশ ষ্টেচনৰ যন্ত্ৰাংশ অন্ততকাল ধৰি মহাকাশ ৰৈ যায়৷ যাৰ ফলত মহাকাশত আৱৰ্জনাৰ দ’ম বান্ধিবলৈ লৈছে৷ এবাৰ এইধৰণৰ আৱৰ্জনা পৃথিৱীলৈ ঘূৰাই আনি পুনৰায় ব্যৱহাৰযোগ্য কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ অয়ন দেওঘৰীয়াই৷ সৰু কালৰ পৰাই মহাকাশ গৱেষণাত আগ্ৰহ থকা ডি এ ভি স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ অয়নে বিখ্যাত বিজ্ঞানী ষ্টিফেন হকিন্সৰ জীৱনী পঢ়ি মহাকাশ গৱেষণাৰ প্ৰতি আগ্ৰহী হৈ উঠে৷ তেওঁ চিন্তা কৰে যে মহাকাশত প্ৰতিদিনে প্ৰতিমুহূৰ্ততে জমা হোৱা টন টন আৱৰ্জনা পৃথিৱীলৈ ঘূৰাই আনি কিদৰে পুনৰব্যৱহাৰযোগ্য কৰি তুলিব পাৰি৷ উল্লেখ্য যে ২০২৩ চনত অয়নৰ এই প্ৰজেক্টটোৱে ডেৰাডুনৰ ইউনিভাৰছিটি অব পেট্ৰলিয়াম এণ্ড এনাৰ্জিত আয়োজিত নেশ্যনেল স্পেচ কনভেনশ্যনত স্বীকৃতি লাভ কৰে৷ ইয়াৰ পাছতে আমেৰিকাৰ এলাবামায়ত আয়োজিত ইণ্টাৰনেশ্যনেল এয়াৰ এণ্ড স্পেচ প্ৰগ্ৰামলৈ উক্ত প্ৰজেক্টে নিয়ন্ত্ৰণ লাভ কৰে৷ এই সন্দৰ্ভত অয়নে কয় যে এই সন্মিলনত দেশ-বিদেশৰ মহাকাশ বিজ্ঞানীৰ আগত প্ৰদৰ্শন কৰা হ’ব উক্ত প্ৰজেক্টটো৷ পৰৱৰ্তী সময়ত এই প্ৰজেক্ট বিজ্ঞানীসকলে পচন্দ বা বিবেচিত হ’লে নাছাৰ ইউনাইটেড স্পেচ এণ্ড ৰকেট চেণ্টাৰলৈ পঠিওৱা হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে৷