মহাকাশৰ পৰা পৃথিৱীৰ এই পাঁচ ঠাই দেখা পায়

0
115

পৃথিৱীৰ পৰা মহাকাশলৈ শত শত কোটি কিলোমিটাৰ দূৰ৷ কিন্তু ইমান দূৰত্ব হোৱাৰ সত্ত্বেও ইয়াৰ পৰা পৃথিৱীৰ বহু ঠাই দৃশ্যমান হয়, অৰ্থাৎ স্পষ্টকৈ দেখা যায়৷ জানিলে অবাক হ’ব যে এই ঠাইবোৰ ডুবাই, চীন তথা আমেৰিকাৰ পশ্চিমাঞ্চলত আছে৷ এই অঞ্চলবোৰৰ উপৰি কিছু ৰাজপথ এই উচ্চতাৰ পৰা দেখা যায় যি নেকি চিন্তাৰ বাহিৰত৷ তেনেহ’লে জানো আহক, মহাকাশৰ পৰা পৃথিৱীৰ কোন কোন স্থানবোৰ দেখা পোৱা যায়৷ পৃথিৱী তথা মহাকাশৰ সীমাক কোৱা হয় কেৰমেন লাইন৷ এই ৰেখাডাল পৃথিৱীৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত৷ এই উচ্চতাৰ পৰাই পৃথিৱীৰ বহু ঠাই দেখা যায়৷ বিংহাম কপাৰ মাইন বা বিংহাম কেনিয়ন মাইন ছল্ট লেক চিটিৰ পৰা প্ৰায় ৩১ কিলোমিটাৰ দূৰৈত৷ মহাকাশচাৰীয়ে এইটো স্থান দেখা বুলি দাবী কৰিছে৷ এই খনিটোক বিশ্বৰ সকলোতকৈ ডাঙৰ মানৱসৃষ্ট খনি বোলা হয়৷ ইয়াত তাম উৎপাদন হয়৷ মহাকাশব পৰা চীনৰ থ্ৰি গৰ্জেছ ডেম পৰিষ্কাৰভাৱে দেখা যায়৷ এইটো বিশ্বৰ বৃহত্তম বান্ধ৷ এই বান্ধটো চীনৰ ইয়াজিং নদীৰ ওপৰত নিৰ্মিত, যাক বিশ্বৰ তৃতীয় দীৰ্ঘতম নদী হিচাপে জনা যায়৷ ডুবাইৰ বিখ্যাত পাম জুমেইৰা মহাকাশৰ পৰা সুন্দৰভাৱে দেখা যায়৷ গছৰ আকৃতিৰ পাম জুমেইৰা দ্বীপটো এখন বিলাসবহুল হোটেল৷ ইয়াৰ উপৰি পৰিস্থিতি তথা পোহৰৰ সহায়ত মহাকাশৰ পৰা পৃথিৱীৰ বহু মহাসাগৰ দেখা পোৱা যায় বুলি জনা গৈছে৷ জানি অবাক হ’ব যে চীনৰ বিখ্যাত প্ৰাচীৰ মহাকাশৰ পৰা ভালকৈ দেখা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here