মহাকাশৰ পৰা পৃথিৱীলৈ ৰহস্যময় লেজাৰ ৰশ্মি

0
78

মহাকাশৰ পৰা এক ৰহস্যময় সংকেত আহিছে পৃথিৱীলৈ৷ এই ৰহস্যময় সংকেত ধৰা পেলাইছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ এখন মহাকাশযানে৷ বিজ্ঞানীয়ে কৈছে যে পৃথিৱীৰ পৰা আনুমানিক ১৪ কোটি মাইল দূৰত্বত এই ছিগনেলৰ উৎপত্তি হৈছে৷ ভাৰতীয় সংবাদ মাধ্যম এন ডি টিভিত প্ৰকাশিত মতে বিগত বছৰৰ অক্টোবৰত মহাকাশত এক বিশেষ অভিযান পৰিচালনা কৰিছিল নাছাই৷ এই মহাকাশযানৰ নাম আছিল ছাইকি ১৬৷ ইয়াক এটা গ্ৰহাণুক লৈ কাম কৰাৰ বাবে পঠিওৱা হৈছিল৷ সৌৰজগতৰ বিৰল এক গ্ৰহাণু এইটো৷ ইয়াত ধাতু আছে বুলিও ধাৰণা কৰিছে বিজ্ঞানীয়ে৷ এই গ্ৰহাণুটো মঙল আৰু বৃহস্পতিৰ মাজৰ অংশত অৱস্থিত বুলি জনা গৈছে৷ এই গ্ৰহাণু গৱেষণাৰ বাবে বিভিন্ন লেজাৰ ৰশ্মি লৈ কাম কৰিছে নাছাৰ ছাইকিয়ে৷ ছাইকি যানখন ডিপ স্পেচ অপটিকেল কমিউনিকেশ্যনছ ব্যৱস্থাপনাৰে সজ্জিত৷ ইয়াৰ লক্ষ্য হৈছে মহাকাশৰ বিশাল দূৰত্বজুৰি লেজাৰ যোগাযোগ সম্ভৱপৰ কৰা, যি বৰ্তমান প্ৰচলিত পদ্ধতিৰ তুলনাত বহুগুণে দ্ৰুত সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে ছাইকি যানত প্ৰাথমিকভাৱে যোগাযোগ স্থাপন ৰেডিঅ’ ফ্ৰিকুৱেন্সি ব্যৱহাৰ কৰিলেও ইয়াৰ সক্ষমতা নিৰ্ভৰ কৰিছে অপটিকেল যোগাযোগ প্ৰযুক্তিৰ সফল ব্যৱহাৰৰ ওপৰত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here