মহাকাশৰ আৱৰ্জনাইভাবুকিৰ সৃষ্টি কৰিছে

0
538


আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা নিশ্চিত কৰিছে৷ নাছাই প্ৰকাশ কৰা অনুসৰি বৃহৎ পৰিমাণৰ মহাকাশৰ আৱৰ্জনা তীব্ৰ গতিত কেন্দ্ৰটোৰ অভিমুখে আহি আছিল৷ সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি মহাকাশ কেন্দ্ৰটোত থকা মহাকাশচাৰীসকলে ২১.৫ ছেকেণ্ডৰ কাৰণে ৰাছিয়ান মডুল আৰু থ্ৰাষ্টাৰ্ছ অন কৰিবলৈ বাধ্য হয়৷ নাছাই প্ৰকাশ কৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা জেডভেদা ছাৰ্ভিচ মডুলৰ ইঞ্জিন ২১.৫ ছেকেণ্ডৰ কাৰণে অন কৰা হয়, যাতে উক্ত আৱৰ্জনাৰ পৰা ৰক্ষা কৰিব পাৰি৷ ইয়াৰ জৰিয়তে মহাকাশ কেন্দ্ৰটোৰ কক্ষপথ প্ৰায় ১৬৪০ ফুট তললৈ নমাই দিয়া হয়৷ উল্লেখ্য যে মহাকাশ কেন্দ্ৰটোৱে সাধাৰণতে পৃথিৱীৰ পৰা ৪০০ কিল’মিটাৰ আঁতৰত থাকি গ্ৰহটোক পৰিভ্ৰমণ কৰি আছে৷ মহাকাশত থকা আৱৰ্জনাৰ পৰা ৰক্ষা কৰাৰ কাৰণে মহাকাশ কেন্দ্ৰটোৰ এতিয়ালৈকে ৩০ বাৰ কক্ষপথ সলনি কৰা হৈছে৷ কেন্দ্ৰটোৱে ২০৩০ চনত কাম কৰা বন্ধ কৰিব আৰু ইয়াৰ এবছৰৰ ভিতৰত কেন্দ্ৰটোক প্ৰশান্ত মহাসাগৰত পেলাই দিয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here