মহাকাশৰ অসীমত ঘূৰিছে এটা ‘চকু’ : দাবী বিজ্ঞানীৰ

0
37

দেখিলে মনত এনে ভাব হয় যে এইটো মানুহৰ চকু৷ আমাৰ অক্ষিগোলক বা আইবলৰ যেনেকৈ অধিকাংশই বগা তথা মাজত গোলাকৃতিৰ ক’লা, নীলা, বাদামী বা আন ৰঙৰ মণি থাকে, তেনেধৰণৰ ইয়াৰ চাৰিওফালে কঠিন বৰফেৰে বগা তথা তাৰ মাজত আছে বৃত্তাকৃতিৰ এক মহাসাগৰ৷ সৌৰজগতৰ বাহিৰত এনে এক অদ্ভুত গ্ৰহৰ সন্ধান পাইছে জেমছ ৱেৰ স্পেচ টেলিস্কোপে৷ যি গ্ৰহ সম্ভৱতঃ বাসযোগ্য অৰ্থাৎ প্ৰাণী থাকিব পাৰে বুলিও দাবী কৰিছে বিজ্ঞানীয়ে৷ সৌৰজগতৰ বাহিৰত চকুৰ দৰে দেখাত এই গ্ৰহটোত থাকিব পাৰে আমাৰ দৰে প্ৰতিৱেশীও৷ বিজ্ঞানীয়ে এই কথাও অনুমান কৰিছে৷ ২০১৭ চনৰ এই নতুন গ্ৰহটোৰ সন্ধান লাভ কৰিছিল জেমছ ৱেৰে৷ এই গ্ৰহটোৰ নাম দিয়া হৈছিল এল এইচ এছ ১১১৪০ বি৷ প্ৰাথমিকভাৱে এই গ্ৰহটোক মুঠেও বাসযোগ্য বুলি ভবা নাছিল বিজ্ঞানীয়ে৷ এই গ্ৰহটোত পানী থাকিলেও, মিথেন আৰু ঘন এম’নিয়া থকাৰ বাবে গ্ৰহটো বিভিন্ন ক্ষেত্ৰত আমাৰ সৌৰজগতৰ গ্ৰহ নেপচুনৰ দৰে বুলি বিজ্ঞানীয়ে ঠাৱৰ কৰিছিল৷ কিন্তু দ্য এষ্ট্ৰ’’ফিজিকেল জাৰ্নাল লেটাৰ্ছত প্ৰকাশিত এক সাম্প্ৰতিক নিবন্ধত কোৱা হৈছে যে বিজ্ঞানীয়ে আগেয়ে এই গ্ৰহটোত যিমান পানী আৰু বৰফ থকা বুলি ভাবিছিল, তাতকৈ বহু বেছি পৰিমাণৰ পানী আৰু বৰফ আছে৷ সেয়ে প্ৰাণী থকাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বিজ্ঞানীয়ে৷ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বৰ্তমানলৈ যিসমূহ নাতিশীতোষ্ণ এক্সোপ্লেনেটবোৰৰ সন্ধান পোৱা গৈছে, তাৰ মাজতে তৰল অৱস্থাত পানী থকাৰ বিষয়ে এই নতুন গ্ৰহটোত লাভ কৰাৰ কথা সদৰী কৰিছে৷ আনহাতে বিজ্ঞানীয়ে জানিবলৈ দিয়ে যে এই নতুনকৈ আৱিষ্কৃত গ্ৰহটোত পৃথিৱীৰ পৰা ৫০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত আৰু পৃথিৱীতকৈ আয়তনত প্ৰায় ১.৭৩ গুণ ডাঙৰ৷ এটা নক্ষত্ৰক কেন্দ্ৰ কৰি ঘূৰা গ্ৰহটোৱে কক্ষপথত এবাৰ পাক মাৰিবলৈ পৃথিৱীৰ হিচাপত মাত্ৰ ২৫ দিনত গ্ৰহটোৰ এবছৰ হয়৷ গ্ৰহটোৰ বেছিভাগ অংশ হিমায়িত হ’লেও গৱেষণাত জানিব পৰা মতে চকুৰ মণিৰ দৰে দেখা সমুদ্ৰৰ আশে-পাশে থকা এলেকাৰ ভূপৃষ্ঠৰ তাপমাত্ৰা ২০ ডিগ্ৰী ছেলচিয়াছ হ’ব পাৰে৷ হিমায়িত এই পৃথিৱীত যি সামুদ্ৰিক জীৱৰ কাৰণে বাসযোগ্য তাপমাত্ৰা বুলি বিজ্ঞানীয়ে ধাৰণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here