প্ৰাথমিক পৰ্যায়ত মহাকাশত ব্লাড ষ্টেম চেল বৃদ্ধিৰ বাবে বিশ্বৰ প্ৰথম দেশ হোৱাৰ দৌৰত এঢাপ আগবাঢ়িছে চীনে৷ চীনা বিজ্ঞানীসকলে ইতিমধ্যে মহাকাশত প্ৰথম পৰ্যায়ৰ এটা সফল পৰীক্ষা কৰে৷ চীনৰ তিয়ানগং মহাকাশ ষ্টেচনৰ য়েনটিয়ান লেব মডিউলে প্ৰস্তুত কৰা ষ্টেম চেলবোৰ পৃথিৱীৰ বুকুলৈ অহা হয়৷ ইয়াতে চীনৰ বিজ্ঞানীয়ে বৈজ্ঞানিক প্ৰক্ৰিয়াৰে কাৰ্যকাৰিতা মূল্যায়নৰ বাবে ষ্টেম চেলবোৰক লৈ পৰীক্ষা পৰিচালনা কৰিব৷ চাইনীজ একাডেমি অব্ ছায়েন্সেজৰ চেনজেন ইনষ্টিটিউট অব্ এডভান্সড টেকন’লজিৰ গৱেষক লেই জিয়াওহুৰ নেতৃত্বত গৱেষকৰ দলটোৱে মানৱ প্লুৰিপোটেণ্ট ষ্টেম চেল ব্যৱহাৰ কৰি পৰীক্ষাটো পৰিচালনা কৰিব৷ এই কোষবোৰৰ বিভিন্ন ধৰণৰ মানৱ কোষৰ বিকাশ কৰাৰ ক্ষমতা আছে৷ এই কোষবোৰক তিয়ানঝো ৬১ চেল কালচাৰ মডিউলত স্থাপন কৰা হৈছে৷ গৱেষকৰ দলটোৰ উদ্দেশ্য আছিল এই প্লুৰিপোটেণ্ট ষ্টেম চেলবোৰৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰা, যি তেজৰ ষ্টেম কোষৰ সৈতে পাৰ্থক্য প্ৰস্তুত কৰে৷ গৱেষক লেই জনোৱা মতে এই ব্লাড ষ্টেম চেলবোৰ আৰু পৰিপক্ব হোৱাৰ লগে লগে একগুচ্ছ আঙুৰৰ দৰে তেজৰ ষ্টেম চেলবোৰে এটা ক্লাষ্টাৰ তৈয়াৰ কৰিব৷ তেওঁ লগতে উল্লেখ কৰে যে আমি আমাৰ পৰীক্ষাৰ প্ৰথম লক্ষ্য অৰ্জন কৰিছোঁ৷ মহাকাশত মানৱ তেজৰ ষ্টেম চেল প্ৰস্তুত কৰা যে সম্ভৱ সেয়া প্ৰমাণিত হ’ল৷