মহাকাশত জেমছ ৱেব দূৰবীণেআৱিষ্কাৰ কৰিলে ৰহস্যজনক গ্ৰহ

0
382


মহাকাশত থকা প্ৰায় প্ৰতিটো গ্ৰহেই কোনো এটা নক্ষত্ৰক পৰিভ্ৰমণ কৰি থাকে৷ কিন্তু এই বিশ্বব্ৰহ্মাণ্ডত শেহতীয়াকৈ নতুন ৰহস্যজনক গ্ৰহ আৱিষ্কাৰ কৰা হৈছে৷ আমেৰিকাৰ জেমছ ৱেব দূৰবীণে এই গ্ৰহবোৰ আৱিষ্কাৰ কৰিছে৷ সৌৰজগতৰ বাহিৰৰ এই গ্ৰহটো আমাৰ বৃহস্পতিৰ সৈতে প্ৰায় সমান আকাৰৰ৷ এই গ্ৰহবোৰে স্বতন্ত্ৰভাৱে মহাকাশত বিৰাজ কৰি আছে আৰু কোনো নক্ষত্ৰকে পৰিভ্ৰমণ কৰি থকা নাই৷ ইয়াৰ নাম দিয়া হৈছে জুপিটাৰ মাছ বায়নেৰী অবজেক্ট্‌ছ জাম্ব’ছ৷ জেম্‌ ৱেবে এনেধৰণৰ প্ৰায় ৮০টা গ্ৰহ আৱিষ্কাৰ কৰিছে৷ বিজ্ঞানীসকলৰ মতে, এই গ্ৰহবোৰ এটা নক্ষত্ৰৰ ৰূপ লোৱাৰ বাবে যথেষ্ট সৰু৷ আনহাতে এই মহাকাশীয় পিণ্ডবোৰে গ্ৰহৰ সংজ্ঞাও সলনি কৰি পেলাইছে৷ বিজ্ঞানীসকলৰ বাবে ই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে৷ বিজ্ঞানীসকলে এই গ্ৰহবোৰ উৎপত্তি হোৱাৰ দুটা সম্ভাব্য কাৰণ উল্লেখ কৰিছে৷ হয়তো নেবুলাৰ নক্ষত্ৰ জন্ম হোৱা অঞ্চলত নক্ষত্ৰ সৃষ্টিৰ বাবে পৰ্যাপ্ত পদাৰ্থৰ অভাৱ হোৱাত গ্ৰহবোৰৰ উৎপত্তি হয়৷ অন্যথা যিবোৰ নক্ষত্ৰত পৰিভ্ৰমণ কৰি আছিল সেইবিলাকৰ মাধ্যাকৰ্ষণ শক্তি কম হোৱা হেতুকে তাৰ পৰা আঁতৰি আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here