মহাকাশত খাদ্য ৰন্ধাৰ প্ৰস্তুতি : জানক সবিশেষ

0
433


পৃথিৱীৰ পৰা দীৰ্ঘদিনীয়া মহাকাশ যাত্ৰা কৰাৰ সময়ত মহাকাশযাত্ৰীৰ খাদ্যৰ যোগান এটা সমস্যাৰূপে পৰিগণিত হৈ আহিছে৷ ইয়াৰ কাৰণ হ’ল ভাৰশূন্য আৰু বায়ুমণ্ডল নথকা অৱস্থাত খাদ্য প্ৰস্তুত কৰিব নোৱৰাটো৷ শেহতীয়াকৈ ইউৰোপিয়ান স্পেচ এজেঞ্চি চমুকৈ ই এছ এ-এ এই দিশত এক আশাৰ বতৰা দিছে৷ ই এছ এই কৰা এক পৰীক্ষাৰ পাছত মহকাশচাৰীয়ে মহাকাশত নিজে ৰন্ধা খাদ্য খোৱাটো সহজ হৈ পৰিব৷ মহাকাশ সংস্থাটোৰ বিজ্ঞানীসকলে মহাকাশত থকা অৱস্থাত অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিৰ নিচেই কম প্ৰভাৱ থকা অৱস্থাত আলু খোৱাৰ যোগ্য হোৱাকৈ সিজোৱাৰ চেষ্টা কৰিছিল৷ ইয়াৰ বাবে এখন যান বিশেষভাৱে তৈয়াৰ কৰা হৈছিল৷ এই যানখনে দুবাৰ অধিবৃত্তাকাৰ পথত উৰণ সম্পন্ন কৰে৷ যানখন ২০ হাজাৰ ফুট উচ্চতালৈ যায় আৰু তাৰ পাছত তীব্ৰ বেগেৰে তললৈ নামি আহিছিল৷ সেই সময়ত যানখনৰ ভিতৰত প্ৰায় ২২ ছেকেণ্ডৰ বাবে মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ তেনেই নগণ্য আছিল আৰু ইয়াত থকা যাত্ৰীসকলে ভৰহীন অনুভৱ কৰিছিল৷ সেই ২২ ছেকেণ্ডত বিজ্ঞানীসকলে এবিধ নতুন সঁজুলিৰ সহায়ত যানখনৰ ভিতৰত আলু ভাজিছিল৷ তেওঁলোকে উতলি থকা তেলত আলুৰ টুকুৰা ভজাৰ সময়ত উচ্ছ ৰিজলিউশ্যনৰ কেমেৰাই বিভিন্ন দিশ লক্ষ্য কৰি আছিল৷ তেওঁলোকে পৰীক্ষাটোত আলু সিজাবলৈ সক্ষম হয়৷ ই এছ এৰ বিজ্ঞানীসকলৰ মতে, এই পৰীক্ষাই ইয়াকে প্ৰমাণ কৰিলে যে মহাকাশত থকাৰ সময়ত মহাকাশচাৰীয়ে খাদ্য ৰান্ধি খাব পাৰিব৷ তেওঁলোকৰ মতে, এই প্ৰক্ৰিয়াটোৰ অধিক বিকাশ কৰাৰ পাছত মহাকাশচাৰীয়ে চন্দ্ৰ আৰু মঙল গ্ৰহত অভিযান চলোৱাৰ সময়ত নিজে ৰন্ধা খাদ্য খাব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here