মহাকাশত বিস্ফোৰণ কোনো নতন কথা নহয়৷ মহাকাশত বিস্ফোৰণ হৈয়েই থাকে৷ কিন্তু ইমান ভয়ংকৰ বিস্ফোৰণ আগতে কেতিয়াও হোৱা নাছিল৷ যি মহাকাশৰ বিস্ফোৰণ ধৰা পৰিছে নাছাৰ এটা পৰ্যবেক্ষণ টেলিস্কোপত৷ মহাকাশ বিজ্ঞানীয়ে জনোৱা মতে নক্ষত্ৰৰ আয়ুস শেষ হ’লে শেষ মুহূৰ্তত বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণৰ ফলত ইয়াৰ পদাৰ্থবোৰ চাৰিওফালে সিচঁৰতি হৈ পৰে৷ তাৰ পাছত এই নক্ষত্ৰটো এটা কৃষ্ণ গহ্বৰৰ ৰূপ লয়৷ অৰ্থাৎ ই এটা ব্লেক হোলত পৰিণত হয়৷ এইধৰণৰ ছবি নাছাৰ টেলিস্কোপত ধৰা পৰে৷ কিন্তু এইবাৰ নাছাৰ এটা পৰ্যবেক্ষণ টেলিস্কোপ নিউষ্টাৰে সংগ্ৰহ কৰা আলোকচিত্ৰত যি দেখা পোৱা গৈছে, তাক দেখি বিজ্ঞানীসকলেও চমকি উঠিছে৷ বিজ্ঞানীসকলে ঠাৱৰ কৰা মতে এইপৰ্যন্ত মহাকাশত বিজ্ঞানীসকলে দেখিবলৈ পোৱা এইটোৱেই আটাইতকৈ ডাঙৰ বিস্ফোৰণ৷ কিন্তু বিস্ফোৰণটো বহুদূৰৈত সংঘটিত হোৱা হেতু তাৰ কোনো প্ৰভাৱ পৰা দেখা নগ’ল৷ বিজ্ঞানীসকলে জনোৱা মতে ২০২২ চনৰ ৯ অক্টোবৰত এই বিস্ফোৰণটো ঘটে৷ তাৰ পাছতেই বিস্ফোৰণটো সন্দৰ্ভত যি তথ্য নিউষ্টাৰে সংগ্ৰহ কৰে তাৰ ওপৰত গৱেষণা কৰা হয়৷ গৱেষণাত প্ৰকাশ পোৱা মতে এই বিস্ফোৰণটোত গামা ৰশ্মি বিস্ফোৰণ হৈছিল৷ ইয়াৰ চৰিত্ৰগত বৈশিষ্ট্যও সম্পূৰ্ণ বেলেগ৷ আনহাতে এই বিস্ফোৰণটো যিদৰে হৈছিল, সেয়ে বিজ্ঞানীয়ে ধাৰণা কৰে যে এই নক্ষত্ৰটোৰ ভিতৰত এনে কিছু উপাদান আছিল, যিয়ে এই ভয়ংকৰ বিস্ফোৰণ ঘটাত সহায় কৰিছে৷