মস্তিষ্কৰ সুস্বাস্থ্যৰ বাবে এইবোৰ অভ্যাস কৰক

0
47

আমাৰ শৰীৰৰ অন্যান্য অংগৰ দৰে মস্তিষ্কৰো নিয়মিত যত্ন তথা তত্ত্বাৱধান লোৱা উচিত৷ মস্তিষ্কক তীব্ৰতৰ সক্ৰিয় তথা সুস্থ ৰাখিবলৈ দৈনন্দিন ৰুটিনত কিছু সাধাৰণ অভ্যাস যোগ কৰিব পাৰে৷ যিয়ে মস্তিষ্ক সবল তথা সুস্থ ৰাখিব পাৰে৷ মস্তিষ্কৰ কাৰ্যক্ষমতা তথা সক্ৰিয়তাৰ বাবে তলৰ দিয়া এইবোৰ কৰক৷
নতুন নতুন কথা জনাৰ চেষ্টা কৰক৷ নতুন দক্ষতা শিকাৰ মাধ্যমে মস্তিষ্কক অধিক কাৰ্যক্ষম বা ব্যস্ত ৰখাটো ইয়াৰ স্বাস্থ্যৰ কাৰণে গুৰুত্বপূৰ্ণ৷ ইয়াৰ অৰ্থ এইটো নহয় যে নানা জটিল সমস্যাক গোটেই সময় চিন্তা-ভাবনা কৰি থকা৷ এটা নতুন বিষয় পঢ়া, নতুন ভাষা শিকা বা কোনো এটা বিষয়ক নতুন প্ৰক্ৰিয়া নিৰ্বাচন কৰাৰ দৰে কামবোৰে মস্তিষ্কক উদ্দীপিত কৰাত সহায় কৰে৷ নেশ্যনেল ইনষ্টিটিউট অন এজিং-ৰ এটা সমীক্ষা অনুসৰি ক্ৰমাগত শিকাৰ ফলত মস্তিষ্কৰ প্লাষ্টিটিচি বৃদ্ধি পায়, যিয়ে মস্তিষ্ক ভালে ৰখা বা ডিমেনছিয়াৰ সম্ভাৱনা কমাই ৰাখে৷
শৰীৰৰ সমস্ত ইন্দ্ৰিয় ব্যৱহাৰ কৰাৰ চেষ্টা কৰক৷ ইয়ে মস্তিষ্কক সক্ৰিয় তথা সতৰ্ক কৰি ৰখাত সহায় কৰে৷ দৃষ্টি, শব্দ, স্পৰ্শ, স্বাদ তথা গোন্ধ জড়িত আদি কাৰ্যকলাপে মস্তিষ্কৰ বিভিন্ন অংশক উদ্দীপিত কৰিব পাৰে৷ কোনো এবিধ নতুন ৰেচিপি ৰন্ধাত একাধিক ইন্দ্ৰিয়ক নিযুক্ত কৰিব পাৰে, যিয়ে স্নায়ুৰ সংযোগক শক্তিশালী কৰে৷ টেক্সাছ বিশ্ববিদ্যালয়ৰ গৱেষকে জনোৱা মতে এই অভ্যাসে দীৰ্ঘসময় স্মৃতি ধৰি ৰখাত সহায় কৰে৷
মেডিটেশ্যনে কেৱল আপোনাৰ শৰীৰ বা মন শিথিল কৰাই নহয়, ইয়াৰ লগতে মেডিটেশ্যনে মস্তিষ্কৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়৷ নিয়মিতভাৱে মেডিটেশ্যন কৰাৰ ফলত শিকাৰ ক্ষমতা বৃদ্ধি কৰে, স্মৃতিশক্তি ধৰি ৰখাৰ লগতে মানসিক স্বাস্থ্য সবল তথা নিয়ন্ত্ৰণত সহায় কৰে৷ ফ্ৰণ্টিয়াৰ্ছ ইন হিউমেন নিউৰ’ছায়েন্স জাৰ্নালত প্ৰকাশিত এটা গৱেষণাত দেখা গৈছে যে মেডিটেশ্যনে মনোযোগ উন্নত কৰিব পাৰে, মানসিক চাপ কমাই ৰখাত সহায় কৰে৷
মস্তিষ্কৰ স্বাস্থ্য ভালে ৰাখিবলৈ চেনি খোৱা কমাই দিয়ক৷ অতিৰিক্ত চেনি খোৱাৰ ফলত আলঝেইমাৰৰ দৰে নিউৰ’ডিজেনাৰেটিভ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়৷ গৱেষণাই কোৱা মতে অতিৰিক্ত শৰ্কৰাসমৃদ্ধ খাদ্যই মস্তিষ্কত প্ৰদাহ তথা অক্সিডেটিভ ষ্ট্ৰেচ সৃষ্টি কৰিব পাৰে৷
দৌৰা, খোজকঢ়া, সাঁতোৰা, চাইকেল চলোৱা আদি কামবোৰে মস্তিষ্কৰ ৰক্ত প্ৰবাহ বঢ়ায়৷ নতুন নিউৰনৰ বৃদ্ধিক উৎসাহিত কৰে তথা মস্তিষ্কৰ কাৰ্যকাৰিতা উন্নত কৰে৷ এইধৰণৰ কামেবোৰে স্মৃতিশক্তি বঢ়াব পাৰে, উদ্বেগ কমাই তথা বয়স সম্পৰ্কিত মস্তিষ্কৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে৷
মস্তিষ্কক তীব্ৰ কৰি ৰখাৰ এটা দুৰ্দান্ত উপায় হৈছে গণিত অনুশীলন৷ এই অভ্যাসে আমাৰ মস্তিষ্কৰ দ্ৰুত চিন্তা কৰাৰ কাৰণে চেলেঞ্জ কৰি তথা সমস্যা সমাধানৰ দক্ষতা উন্নত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here