মস্তিষ্কৰ সংক্ৰমণ বৃদ্ধিৰ আঁৰত থকা ‘ঘাতক’ ভাইৰাছবিধ

0
30

কভিড-১৯ৰ প্ৰকোপত সমগ্ৰ বিশ্বৰ লাখ লাখ মানুহৰ মৃত্যু হৈছিল৷ এতিয়া এই মহামাৰীৰ প্ৰকোপ কমিলেও ইয়াৰ প্ৰভাৱ কিন্তু আজিও অদৃশ্য হৈয়ে আছে৷ গৱেষকে জনাইছে যে ছাৰ্চ কোভ-২ নামৰ এবিধ ভাইৰাছে সম্ভৱতঃ এনে এক পদ্ধতিত মস্তিষ্কৰ সংক্ৰমণ ঘটাইছে, যি একেবাৰে অভাৱনীয়৷ উল্লেখ্য যে এইবিধ ভাইৰাছৰ স্পাইক প্ৰ’টিনৰ সহায়ত তাৰ ‘খিৰিকীৰ দৰ্জা’ৰ জৰিয়তে মস্তিষ্কত প্ৰৱেশ কৰে৷ যাৰ ফলত কৰ’নাত আক্ৰান্ত ৰোগীৰ দৰে বিভিন্ন স্নায়ুৰ অসুখৰ লক্ষণ দেখা দিয়ে৷ নেচাৰ মাইক্ৰ’বায়’লজি জাৰ্নালত প্ৰকাশিত হৈছে এই সংক্ৰান্তীয় এক গৱেষণাপত্ৰ৷ ইয়াৰ বাবে গৱেষকে প্ৰথমে এন্দুৰৰ ওপৰত পৰীক্ষা চলাইছিল৷ এইবোৰক জিনগতভাৱে হিউমেন এচিই২ ৰিছেপ্টৰ উৎপাদনৰ ক্ষমতা প্ৰদান কৰা হৈছিল৷ ইয়াৰ মাধ্যমেৰে কভিড ভাইৰাছ মানৱ শৰীৰত প্ৰৱেশ কৰে৷ দেখা গৈছে আক্ৰান্ত এন্দুৰবোৰৰ মস্তিষ্ক আৰু হাঁওফাঁও দুয়োটাৰে ক্ষতিগ্ৰস্ত হয়৷ এই ক্ষেত্ৰত মস্তিষ্কৰ প্ৰৱেশ কৰা দেখা পাইছিল জীৱাণুৰ৷ বিজ্ঞানীয়ে জনাইছে যে আপাততঃ এই পৰীক্ষা কৰা হৈছে এন্দুৰৰ ওপৰত৷ অনাগত দিনত মানৱ শৰীৰতো এই পৰীক্ষা কৰাৰ চিন্তা কৰিছে বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here