Fitness PlusHealth NaturallyHealth Talksমস্তিষ্কৰ কাৰ্যক্ষমতা সচল ৰাখিবলৈ মানি চলক এই পৰামৰ্শBy Health Plus - June 19, 202501Facebook Twitter Pinterest WhatsApp ৩০ বছৰ বয়স পাৰ হোৱাৰ পাছত মস্তিষ্ক আৰু অধিক পৈণত হয়৷ কোৱা হয়, এই সময় দীৰ্ঘকালীন সুস্থতাৰ কাৰণে মস্তিষ্কৰ বিভিন্ন পৰিৱৰ্তন সাধন হয়৷ সেয়ে ৩০ বছৰৰ পাছত মস্তিষ্কৰ যত্ন লৈ নৈমিত্তিক দিনৰ জীৱন প্ৰণালীক কিছুমান সহজ পৰিৱৰ্তন কৰিব পাৰে৷ সাধাৰণতে ৩০ ৰ পৰা ৪০ বছৰ বয়সৰ সময়ছোৱাত আমি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হয়৷ কাৰণ এই ক্ষেত্ৰত সাংসাৰিক জীৱন আৰম্ভ হয়৷ ইয়াৰ লগতে কৰ্মজীৱনৰো চাপ পৰে৷ এই সকলো মিলি এই দহ বছৰ মস্তিষ্কৰ ওপৰত বিভিন্ন চাপ পৰে৷ সেয়ে এই সময়খিনি বিশেষ কিছু নিয়ম মানি চলিলে গোটেই জীৱনটো সুখী তথা প্ৰাপ্তি লাভ কৰিব পাৰে৷ডায়েট – চিকিৎসকৰ মতে মস্তিষ্কক সক্ষম কৰি ৰাখিবলৈ ওমেগা থ্ৰি ফেটি এচিড, ভিটামিন-ডি, মেগনেচিয়ামৰ দৰে উপাদানৰ প্ৰয়োজন হয়৷ কিন্তু আধুনিক খাদ্যাভ্যাসৰ কাৰণে বিভিন্ন সময়ত মস্তিষ্কই ইয়াৰ প্ৰয়োজনীয় পুষ্টি লাভ নকৰে৷ ইয়াৰ ফলত হাইপাৰ টেনশ্যন, প্ৰায়েই তথ্য পাহৰি যোৱাৰ দৰে সমস্যা হ’ব পাৰে৷ সেয়ে ত্ৰিছ বছৰ পাৰ হোৱাৰ পাছত ডায়েটৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখিব লাগে৷ডিটক্স – এই সময়ত কৰ্মজীৱনৰ সমান্তৰালকৈ বিভিন্ন কাৰকৰ পৰা লাভ কৰা তথ্য মস্তিষ্কত সংৰক্ষিত হৈ থাকে৷ যাৰ প্ৰভাৱ বুদ্ধিত পৰে৷ বিভিন্ন সময়ত কাম কৰিবলৈ গ’লে ক্লান্তি বোধ হ’ব পাৰে৷ সেয়ে প্ৰয়োজনৰ অতিৰিক্ত স্ক্ৰিন টাইম কমোৱা উচিত৷ ইয়াৰ ফলত মূৰৰ ওপৰত চাপ কমকৈ পৰে৷ফিটনেছ – মস্তিষ্কক সুস্থ, সতেজ তথা কৰ্মক্ষম কৰি ৰাখিবলৈ শাৰীৰিক তথা মানসিক স্বাস্থ্য জৰুৰী৷ ইয়াৰ উপৰি এই সময়খিনি প্ৰজনন বাবে আদৰ্শ৷ এই সময়ত শৰীৰত অবিৰত হৰমনৰ তাৰতম্য আৰম্ভ হয়৷ আনহাতে মহিলাসকলৰ ক্ষেত্ৰত এই সময়খিনি পেৰিমোনোপজৰ ফালে অগ্ৰসৰ হয়, যিয়ে তেওঁলোকৰ মনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷ ফলত কাম-কাজৰ প্ৰতি মনোযোগ বা আগ্ৰহ কমি যায়৷ সেয়ে এই সময়খিনিত নিয়মিতভাৱে শৰীৰচৰ্চা বা যোগাসন কৰিব পাৰিলে দেহৰ হৰমনৰ সমতা বজাই ৰখাত সহায়ক হয়৷ শৰীৰচৰ্চাই মস্তিষ্কৰ কোষ বৃদ্ধিত সহায় কৰে৷টোপনি- ৩০ বছৰ পাছত দৈনন্দিন ব্যস্ততা বাঢ়ি যায়৷ মস্তিষ্কই কম্পিউটাৰৰ দৰে কাম কৰে৷ গোটেই দিনৰ পাছত বিৰতি আৰু বিশ্ৰামৰ প্ৰয়োজন হয়৷ টোপনিয়ে মস্তিষ্কক নতুন উদ্যমেৰে কাম কৰাত সহায় কৰে৷ কিন্তু কৰ্মব্যস্ততাই এই দহ বছৰে আমাৰ টোপনিৰ পৰিমাণ কমাই দিয়ে৷ মস্তিষ্কক ডিটক্স কৰিবলৈ প্ৰতিদিনে অন্ততঃ সাতৰ পৰা আঠ ঘণ্টা টোপনি মৰাটো নিতান্তই প্ৰয়োজন৷