মস্তিষ্কৰ এনিউৰিজম কিয় হয়? ইয়াৰ চিকিৎসা কি?

0
2

আমাৰ মস্তিষ্ক অসংখ্য ৰক্তনলী জালৰ দৰে বিস্ত-ত হৈ তেজ সৰবৰাহ কৰে৷ এনিউৰিজম মস্তিষ্কৰ ৰক্তনলীৰ ফুলা বেলুনৰ দৰে এটা অংশ৷ মস্তিষ্কৰ এনিউৰিজম হ’লে মস্তিষ্কৰ ৰক্তনলীৰ ফুলা অংশ হঠাতে ফুলি গৈ মস্তিষ্কৰ ৰক্তক্ষৰণ হয়৷ ফলত হেমোৰজিক ষ্ট˜’ক হয়৷ এই ৰোগ প্ৰাণঘাতী৷ আক্ৰান্ত ব্যক্তিৰ দহৰ পৰা বিশ শতাংশৰ চিকিৎসাৰ আগতেই মৃত্যু হয়৷ বংশগত, উচ্ছ ৰক্তচাপ, মূৰত গুৰুতৰ আঘাত, ধূমপান আদিৰ কাৰণে মস্তিষ্কৰ এনিউৰিজম হৈ থাকে৷ কাৰোৰে জন্মগতভাৱে থাকিব পাৰে এই ৰোগ৷ বেছিভাগ ক্ষেত্ৰতে যেতিয়ালৈ মস্তিষ্কৰ এনিউৰিজমবোৰ নাফাটে, তেতিয়ালৈ কোনো লক্ষণ বুজা নাযায়৷ সেয়ে এই ৰোগ চিনাক্ত কৰা সহজ নহয়৷ তথাপি কিবা কাৰণত মগজুৰ পৰীক্ষা কৰিলে এই ৰোগ চিনাক্ত হয়৷ বেছিভাগ ক্ষেত্ৰতে মস্তিষ্কৰ এনিউৰিজমবোৰ ফাটি গ’লে তাৰ লক্ষণ প্ৰকাশ পায়৷ ইয়াৰ ভিতৰত আছে– হঠাৎ তীব্ৰ মূৰৰ বিষ, বমি বমি ভাব, চকুৰ কাষত বিষ, অস্পষ্ট দৃষ্টি বা দ্বিগুণ দৃষ্টি, মু¸খৰ এটা ফাল অৱস হোৱা বা অসাৰতা আদি৷ মস্তিষ্কৰ এনিউৰিজমৰ ফলত ছাব-এৰাকনয়েড হেমোৰেজ বা ৰক্তক্ষৰণ হ’ব পাৰে৷ এন জি অ’ গ্ৰাম হ’ল এনিউৰিজম চিনাক্ত কৰাৰ সকলোতকৈ নিৰ্ভৰশীল পৰীক্ষা৷ এই পৰীক্ষাৰ দ্বাৰা চিকিৎসকে সহজে এনিউৰিজমৰ অৱস্থান নিৰ্ণয়ত সহায় কৰে৷ ইয়াৰ উপৰি এই ৰোগ চিনাক্তৰ বাবে এম আৰ আই, চিটিস্কেন আৰু চি এছ এফ পৰীক্ষা কৰিব পাৰে৷ ইয়াৰ ৰক্তক্ষৰণৰ বিপদ কেৱল অস্ত্ৰোপচাৰৰ জৰিয়তে নিৰ্মূল কৰা সম্ভৱ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here