মানুহ অংগবোৰৰ ভিতৰত মস্তিষ্কটো এটা গুৰুত্বপূৰ্ণ অংগ৷ মস্তিষ্কই স্মৃতিশক্তি ধৰি ৰাখি দৈনন্দিন কাৰ্যপ্ৰণালী সুশৃংখলিতভাৱে নিয়ন্ত্ৰণত সহায় কৰে৷ ইয়াৰ বাবে মগজুৰ ভিতৰত থকা বিভিন্ন অংগবোৰে এই কামবোৰ ভাগে ভাগে কৰে৷ আনহাতে মস্তিষ্কত থকা নীলা ৰঙৰ সৰু বিন্দুটোৱে আমাৰ মানৱ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালে৷ এই কথা জানিব পাৰিছে বিজ্ঞানীয়ে৷ ইফালে বিজ্ঞানীয়ে সদৰী কৰা মতে মস্তিষ্কৰ সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত মাত্ৰাৰ টোপনিৰ প্ৰয়োজন৷ ইয়াৰ ফলত কেৱল দেখাতে নহয়, এজন মানুহৰ কৰ্মপ্ৰণালী তথা মুড নিয়ন্ত্ৰণ কৰে৷ কিন্তু কিদৰে মস্তিষ্কৰ এই কাৰ্য নিয়ন্ত্ৰণ হয়, সেই কথা জনা নাছিল৷ এতিয়া গৱেষকে সেই কথা জানিব পাৰিছে৷ বেলজিয়ামৰ লিয়েজ বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা এটা গৱেষণাৰ পৰা মস্তিষ্কৰ এই জটিল তত্ত্বৰ কথা জনা গৈছে৷ সাধাৰণতে মস্তিষ্কৰ পিছফালৰ দিশত এটা অতি সৰু নীলা বিন্দু থাকে৷ যাৰ মাপ মাত্ৰ ২ ছেণ্টিমিটাৰ৷ গৱেষকে জৱোনা মতে সেই নীলা বিন্দুটোৱে মানুহৰ টোপনি নিয়ন্ত্ৰণ কৰে৷ লোকাছ ছিৰুলিয়াম নামে এই নীলা বিন্দুটোক নীল বিন্দুও বোৱা হয়৷ লেটিন শব্দ লোকাছ ছিৰুলিয়ামৰ শব্দগত অৰ্থ হ’ল নীল বিন্দু৷ বিজ্ঞানীসকলে অত্যাধুনিক ৭ টেছলা এম আৰ আই মেচিন ব্যৱহাৰ কৰি পোৱা ৰিপৰ্ট পৰ্যালোচনা কৰি এই বিন্দুটোৰ কাৰ্যকাৰিতা স্পষ্ট ৰূপত জানিবলৈ পায়৷ এই বিন্দুটোৱে মানুহৰ টোপনিৰ দৰে জীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা অংশক নিয়ন্ত্ৰণ কৰে৷ মস্তিষ্কৰ বিভিন্ন কামৰ ভিতৰত এই কামটোৰ তথ্য বিজ্ঞানীসকলে বিস্তৃতভাৱে জানিব পাৰে৷ টোপনি যে মস্তিষ্কৰ এটা সৰু বিন্দুয়ে নিয়ন্ত্ৰণ কৰে, সেই কথা পৰিষ্কাৰভাৱে বিজ্ঞানীসকলে জানিব পাৰে৷