মস্তিষ্কই স্মৃতিশক্তি ধৰি নাৰাখে ইয়াৰ আঁৰত আছে বিভিন্ন কোষ

0
98

আমি যিকোনো কথা মনত ৰখা বা স্মৃতিশক্তি ধৰি ৰখাৰ মুখ্যতঃ কাম কৰে মগজুৱে৷ বহু পুৰণি কথা তথা ঘটনা সকলোখিনি সুৰক্ষিত হৈ থাকে মগজুত আৰু আৱশ্যক হ’লেও সেইবোৰ ভিতৰত পৰা উলিয়াই দিয়ে৷ অৰ্থাৎ স্মৃতিশক্তি তথা কথা মজুত কৰি ৰখাত মস্তিষ্কৰ বিশেষ অৱদান আছে৷ পুৰণি যুগমীয়া স্মৃতি সোঁৱৰণ কৰা সক্ষমতা নাথাকিলে ধাৰণা হয় যে মগজুৰ হয়তো সমস্যা হৈছে৷ বা স্মৃতি বিভ্ৰম হৈছে মস্তিষ্ক৷ কিন্তু শেহতীয়াভাৱে এক গৱেষণাই আচৰিত কৰিছে সকলোকে৷ এই গৱেষণাত পোৱা গৈছে যে আচলতে মানুহৰ স্মৃতি সচল তথা ধৰি ৰখাত অকল মগজুৱে নকৰে, ইয়াৰ লগত জড়িত থাকে শৰীৰৰ আন অংগও৷ গৱেষণাত কোৱা হৈছে যে স্মৃতি বজাই ৰখাত শৰীৰৰ অন্যান্য বিভিন্ন কোষেও সহায় কৰে৷ সম্প্ৰতি নেচাৰ কমিউনিকেশ্যন জাৰ্নালত প্ৰকাশিত গৈছে এই গৱেষণাৰ তথ্য৷ এই গৱেষণাৰ তথ্যত প্ৰকাশিত বিষয় লৈ ইতিমধ্যে বিব্ৰতত পৰিছে বিজ্ঞানীয়ে৷ ইয়াৰ লগতে এই তথ্যই স্মৃতি সম্পৰ্কীয় সমস্যাবোৰৰ চিকিৎসাৰ বাবেও নতুন পথৰ সৃষ্টি কৰিছে৷ গৱেষণাটো কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ইউনিভাৰছিটিৰ নিকোলে ভি কুকুশকিন৷ তেওঁ জনোৱা মতে শৰীৰৰ অন্যান্য কোষবোৰেও শিকাব পাৰে তথা স্মৃতি গঠন কৰিব পাৰে৷ গৱেষণাত পোৱা গৈছে যে মস্তিষ্কৰ কোষবোৰৰ দৰে অমস্তিষ্কৰ কোষবোৰেও এটা মেম’ৰি জিন প্ৰস্তুত কৰি দিব পাৰে৷ গৱেষণক দলটোৰ পৰীক্ষাত দেখা গৈছে যে এই কোষবোৰৰ স্মৃতি ধৰি ৰখাৰ প্ৰক্ৰিয়াটো মস্তিষ্কৰ দৰেই হয়৷ ঠিক যিদৰে মানুহৰ মস্তিষ্কৰ নিউৰনবোৰ গঠন হয়, একেদৰে ইয়াৰো বিন্যাস একেই৷ এই গৱেষণাই চিকিৎসা বিজ্ঞানত এক নতুন দিশ মুকলি কৰিলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here