বৰ্তমানো শীতৰ সময় আছেই ৷ এই সময়ত জ্বৰ, কাহ, চৰ্দি আদি বিভিন্ন ভাইৰেলজনিত ৰোগ হোৱাৰ লগতে ছালৰো বিভিন্ন সমস্যাই দেখা দিয়ে ৷ ইয়াৰ লগতে গোৰোহা ফটা সমস্যাটোও শীতত এক এৰাব নোৱৰা সমস্যা ৷ হাজাৰ চেষ্টা কৰিও যদি আপুনি গোৰোহা ফটাৰ পৰা ৰক্ষা পোৱা নাই, তেন্তে এইবিধ লওক ঘৰুৱা বিধি৷ আপুনি জানি আচৰিত হ’ব যে আপোনাৰ ঘৰত থকা মমেৰেও আপুনি আপোনাৰ ফটা গোৰোহাৰ সমস্যা দূৰ কৰিব পাৰে৷
ইয়াৰ বাবে প্ৰথমে আপোনাক লাগিব দুই চামুচ কেষ্টৰ অইল, দুচামুচ অলিভ অইল আৰু দুচামুচ আলমণ্ড অইল ৷ এতিয়া গোটেইকেইবিধ তেল একেলগে মিশ্ৰণ কৰি ভৰি আৰু গোৰোহাত মাচাজ কৰক ৷ অৱশ্যে এই বিধি ৰাতি কৰিলে অধিক সুফল লাভ কৰিব ৷ ইয়াৰ পাছত সামান্য পেট্ৰ’লিয়াম জেলী গোৰোহাত সানি ভালকৈ ছালত সো যাবলৈ দিয়ক ৷ যেতিয়া ছালে ভালকৈ পেট্ৰ’লিয়াম জেলী শুহি ল’ব, তেতিয়া এটা চচপেনত কম জুইত এডাল মম জ্বলাই ল’ব ৷ তাৰ পাছত এডাল ব্ৰাছৰ সহায়ত অতি সাৱধানতাৰে গলাই থোৱা মমখিনি গেৰোহাত লগাওক ৷ যেতিয়া মমখিনি শুকাই যাব এযোৰ কপাহৰ মোজা পিন্ধি গোটেই ৰাতি তেনেকৈ থৈ দিয়ক ৷ পিছদিনা পুৱা মমখিনি এৰুৱাই দিব ৷ এনেদৰে কৰিলে আপুনি গোৰোহা ফটা সমস্যাৰ পৰা সুফল লাভ কৰিব ৷