মন-মগজু শান্ত কৰি ৰাখিবলৈ শবাসন কৰক

0
49

শৰীৰ আৰু মনৰ মাজত এক অভিন্ন সম্পৰ্ক আছে৷ শৰীৰ অসুস্থ তথা শৰীৰে কিবা অসুবিধা পালে মনটোও অশান্ত, অস্বাভাৱিক হৈ থাকে৷ মনৰ আনন্দ তথা মনৰ উৎফুল্লতা আমাৰ শৰীৰটোক সুস্থ কৰি ৰাখে৷ কথাতে কয় যে মনৰ জোৰত সকলো কাম কৰিবলৈ সম্ভৱ৷ মনে সুনিশ্চিত কৰে শৰীৰৰ স্বাস্থ্যক৷ শৰীৰ তথা মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি দৈনন্দিন যোগব্যায়াম কৰিব পাৰে৷ যোগাসনে শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ লগতে বিভিন্ন ৰোগ-ব্যাধিৰ পৰা মুক্ত কৰে৷ মন-মগজু শান্ত ৰাখি শাৰীৰিক স্বাস্থ্য ধৰি ৰাখিবলৈ শবাসন কৰাৰ অভ্যাস কৰক৷ আপুনি সহজে ইয়াৰ সুফল পাব৷
কিদৰে কৰিব শবাসন ঃ- সকলোতকৈ সহজ আসন বুলি ক’লে শবাসন অন্যতম৷ শবাসন কৰিবলৈ হ’লে মানসিক স্থিৰতাৰ প্ৰয়োজন৷ এই আসন কৰিবলৈ প্ৰথমে চিত হৈ শুই লওক৷ ভৰি দুখন দীঘলকৈ মেলি দিব৷ হাত দুখন শৰীৰৰ দুয়োকাষে শৰীৰ সংলগ্ন কৰি ৰাখক৷ হাতৰ তলুৱা শিথিল কৰি ৰাখক৷ চকু দুটা বন্ধ কৰিব৷ বেছ কিছু সময়ত এইদৰে শৰীৰ অৱশ কৰি শুই থাকক৷ এনে সময়ত মনটোলৈ গভীৰ চিন্তা আহিবলৈ নিদি শান্তভাৱে ৰাখক৷ পোন্ধৰ মিনিটমান এইদৰে ৰৈ পাছত উঠি দিয়ক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here