মন বেয়া হ’লে মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে কিয় ?

0
77

আমাৰ আৱেগৰ সৈতে খোৱাৰ নিবিড় সম্পৰ্ক আছে৷ বিভিন্ন সময়ত নানা কাৰণত মন বেয়া থাকিলে বা অৱসন্নবোধে নিৰ্দিষ্ট কিছুমান খাদ্য খাবলৈ মন যায় আৰু এইধৰণৰ খাদ্য খালে মনৰ পৰা অৱসাদ, দুশ্চিন্তা তথা মন বেয়া লগা পৰিৱেশ আঁতৰি যায়৷ আমি প্ৰায় সকলোৱে মিঠাই খাবলৈ পচন্দ কৰোঁ৷ চকলেট, কে’ক, পেষ্ট্ৰি, নানাবিধৰ মিঠাই খাবলৈ সকলোৱে মন কৰে৷ বিশেষকৈ বেছিভাগ মানুহৰ ক্ষেত্ৰতে মন বেয়া হ’লে মিঠাইজাতীয় খাদ্য খোৱাৰ ইচ্ছা অনুভৱ হয়৷ আচলতে মন বেয়া থাকিলে কিয় মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে তাৰো আঁৰত আছে কি কথা৷ বিশেষজ্ঞই কোৱা মতে এইধৰণৰ উপসৰ্গক কাৰ্বহাইড্ৰেট ক্ৰেভিং বোলা হয়৷ সাধাৰণতে মন বেয়া লগা বা ডিপ্ৰেশ্যনৰ বহুতো স্তৰ আছে৷ এই উপসৰ্গ এটিপিকেল ডিপ্ৰেশ্যন৷ এইধৰণৰ ডিপ্ৰেশ্যনৰ কোনো কাৰণ নাথাকে৷ এনেয়ে ক’ব নোৱৰাকৈয়ে মন বেয়া হয়৷ তেতিয়াই মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ি যায়৷ অকল একাকীত্ব বা মন বেয়া হ’লে মিঠাই খোৱাৰ প্ৰৱণতা বঢ়াৰ কথাটোও সঠিক নহ’বও পাৰে৷ উদ্বেগবোধ বাঢ়িলেও এইধৰণৰ সমস্যা বাঢ়ি যাব পাৰে৷ মনোবিদৰ মতে বহু সময়ত অনলাইন গেম, ধূমপান, মদ্যপান আদিৰ দৰেই মিঠাই খোৱাটো একপ্ৰকাৰ নিচাত পৰিণত হয়৷ ডাঙৰৰ ক্ষেত্ৰতে নহয়, এই সমস্যা সৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো হ’ব পাৰে৷ সেয়ে এইধৰণৰ সমস্যা হ’লে পুষ্টিবিদে মিষ্টিজাতীয় খাদ্য কম পৰিমাণে খাবলৈ পৰামৰ্শ আগবঢ়াইছে৷ বেছি মিঠাই খোৱাটো স্বাস্থ্যৰ বাবে বিভিন্নধৰণে ক্ষতিকৰ হ’ব পাৰে৷ সকলোতকৈ বেছি বিপদ হ’ব পাৰে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱা৷ সময়মতে নিয়ন্ত্ৰণ নকৰিলে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা যথেষ্ট থাকে৷ ইয়াৰ লগতে স্থূলতা, হূদৰোগ তথা মানসিক স্বাস্থ্যৰ সমস্যাও বাঢ়ি যাব পাৰে৷ সেয়ে মন বেয়া হ’লেও মিঠাই খোৱাটো বাদ দিয়াটো উচিত৷ এই ক্ষেত্ৰত মানসিক স্বাস্থ্য তথা ডায়েট এই দুই বিষয়লৈ নজৰ দিয়া ভাল৷
মিঠাই খোৱাৰ প্ৰৱণতা কিদৰে কমাব সেই বিষয়ে জানো আহক৷
শৰীৰৰ পানীৰ অভাৱ হ’বলৈ নিদিব৷ পুষ্টিবিদৰ মতে বহু সময়ত ডিহাইড্ৰেশ্যন হ’লেও মিঠাই খোৱাৰ ইচ্ছা অনুভৱ হয়৷ পৰ্যাপ্ত পৰিমাণে প্ৰ’টিন খাব লাগে৷ এই প্ৰ’টিন কিন্তু তেজৰ ইনছুলিন ছেনছেটিভিটি নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ মেগনেচিয়ামযুক্ত খাদ্য যেনে বাদাম, সেউজীয়া শাক-পাচলি, বিভিন্নধৰণৰ বীজ আদি খালে ৰক্ত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যোৱাৰ প্ৰৱণতা ৰোধ কৰিব পাৰে৷ এবাৰতে বহু পৰিমাণৰ নহয়, গোটেই দিন অলপ অলপকৈ পুষ্টিকৰ খাদ্য খোৱাৰ অভ্যাস কৰক৷
কমপ্লেক্স কাৰ্বহাইড্ৰেট যেনে ওটছ, ফল-মূল, কিনোৱা, মিঠা আলুৰ দৰে খাদ্য খালে ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here