মনৰ বিষণ্ণতাই শৰীৰ মোটা হোৱাৰ প্ৰৱণতা বঢ়ায় নেকি?

0
9

মন বেয়া লাগি থকা বা বিষণ্ণতাই অকল মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পেলায় এনে নহয়, শৰীৰকো প্ৰভাৱিত কৰে৷ বিশেষজ্ঞই জনোৱা মতে, দীৰ্ঘদিন বিষণ্ণতা তথা মন-মেজাজ বেয়া লগা কাৰ্যই চলা ফুৰা, টোপনিৰ লগতে মানুহৰ জীৱন-যাপনৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়৷ ইয়াৰ প্ৰভাৱত লাহে লাহে শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাই দেখা দিয়ে৷ মন বেয়া হ’লে অস্থিৰতা আৰম্ভ হয়৷ তেনে অৱস্থাত নিজকে ভাৰী অনুভৱ হয়৷ মন অশান্ত হৈ থাকিলে ইয়াৰ পৰা স্বস্তি পাবলৈ বহুতেই নিজৰ পচন্দৰ খাদ্য, কেতিয়াবা জাংক ফুডৰো আশ্ৰয় লয়৷ এইধৰণৰ খাদ্যই সাময়িকবাৱে আৰাম দিলেও দীৰ্ঘম্যাদী এই খাদ্যই ওজন তথা খাদ্য গ্ৰহণৰ অভ্যাসত প্ৰভাৱ পেলায়৷ মন বেয়া লগা বা চিন্তা-উদ্বেগ বাঢ়িলে শৰীৰৰ শক্তি নাইকিয়া হয়৷ বহুতেই আনকি চলাফিৰা বন্ধ কৰি বিছনাতে সময় কটায়৷ ইয়াৰ বাবে শৰীৰচৰ্চা কমি যায়৷ শাৰীৰিক শ্ৰম নাইকিয়া হয় আৰু ওজন বৃদ্ধিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷অকল ওজন বৃদ্ধিয়েই নহয়, আত্মসংযোগৰো অভাৱ পৰিলক্ষিত হয়৷ মন বেয়া হ’লে বা অত্যধিক মানসিক চিন্তা থাকিলে কিছুমানে অতিৰিক্ত টোপনি মাৰে আৰু কিছু্‌ৰ ক্ষেত্ৰত টোপনিৰ ক্ষতি হয়৷ টোপনিৰ এই অনিয়মৰ ফলত ক্ষুধা আৰু তৃপ্তিৰ হৰমনক প্ৰভাৱিত কৰে৷ যাৰ ফলত খোৱাৰ ক্ষেত্ৰত থকা স্বাভাৱিক নিয়মত ব্যাঘাত জন্মে৷ ইয়াৰ বাবে ওজন বৃদ্ধি পাব পাৰে৷ মন বেয়া হ’লে বহু সময়ত দৈনন্দিন কাম-কাজৰ ৰুটিন সলনি হয়৷ অফিচ, ৰন্ধা-বঢ়া, বজাৰ-সমাৰ, খোৱা সকলো ক্ষেত্ৰতে অনিয়মিত হৈ পৰে৷ দৈনন্দিন খোৱা-বোৱাৰ সময়ৰ তাৰতম্য ঘটে বাবে ওজনৰ সমস্যাই দেখা দিব পাৰে৷ মনত ৰাখিব, মন বেয়া বা বিষণ্ণতাৰ সময়ত ওজন বৃদ্ধি হোৱাটো এটা প্ৰাকৃতিক নিয়ম৷ এইটো শৰীৰৰ এটা আত্মৰক্ষাৰ উপায়৷ সেয়ে লাহে লাহে লৰু লৰু পদক্ষেপ ল’ব লাগে৷ যেনে অলপ খোজ কঢ়া, সুষম আহাৰ গ্ৰহণ আদি দৈনিক ৰুটিন প্ৰস্তুত কৰা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here