হঠতে কোনো বাজে কথা বা বেয়া খবৰ শুনি টোপনিৰ পৰা জাগি উঠা, অত্যধিক কামৰ বোজা অথবা গোটেইদিন যিকোনো ঘটনাৰ বাবে বিব্ৰতবোধ হোৱা, আনকি হতাশা, অস্বস্তিকৰ পৰিৱেশ, মানসিক চাপ আদিয়ে মন-মেজাজত বেয়া হৈ থাকিব পাৰে৷ মন-মেজাজ বেয়া থাকিলে কোনো কামতে সঠিককৈ মন বহুৱাব নোৱাৰি৷ তেনে সময়ত কফি একাপ খাই মানসিক চাপমুক্ত হ’বলৈ অথবা মন ভাল লগাবলৈও পকেটত টকা নাথাকিব পাৰে৷ তেনেকুৱা পৰিস্থিতিত মন ভালে ৰাখিবলৈ হ’লে নিজে কিছু উপায় হাতত ল’লে ইয়াৰ পৰা উপশম পোৱা যায়৷ হে’লথছ ডটকমত প্ৰকাশিত এক প্ৰতিবেদনত ভাৰতৰ ফৰ্টিছ হেলথকেয়াৰ হস্পিটেলৰ মানসিক স্বাস্থ্য আৰু ক্লিনিকেল বিজ্ঞান বিভাগৰ প্ৰধান তথা ক্লিনিকেল চাইকোলজিষ্ট ডাঃ কামনা শিবে কৈছে যে মন ভাল কৰাৰ কিছু প্ৰাকৃতিক উপায় আছে আৰু সেইবোৰ কৰিবলৈ কোনোধৰণৰ অৰ্থৰো প্ৰয়োজন নহয়৷ তেওঁ এনে অৱস্থাত অলপ সময়ৰ বাবে বিৰতি লোৱা আৰু পৰিৱেশটো পৰিৱৰ্তনৰ বাবে সেই স্থানৰ পৰা দূৰত অৱস্থান কৰি খোদ কঢ়াৰ পৰামৰ্শ দিয়ে৷ মন বেয়া লাগি থকা অৱস্থাত এটা অৱস্থাত তথা এটা পৰিৱেশতে থাকিলে বে্ছ ক্ষতি হ’ব পাৰে৷ ইয়াৰ লগতে বিৰক্তিকৰ চিন্তা-ভাবনা বাঢ়ি যোৱাৰ কাৰণে অধিক সময় পোৱা যায়৷ পৰিৱেশ পৰিৱৰ্তনে মেজাজৰো পৰিৱৰ্তন কৰে৷ এই সময়ত প্ৰধানকৈ প্ৰকৃতিৰ ওচৰত বা প্ৰাকৃতিক পৰিৱেশত খোজ কাঢ়িলে মন শান্ত আৰু সজীৱ অনুভৱ কৰাত সহায় কৰে৷
মন ভালে ৰাখিবলৈ যিকোনো স্থানত নিজৰ পচন্দমতে গান শুনিব পাৰে৷ এইদৰে গান শুনাৰ পাছত কিছু সময়ৰ বাবে জিৰণি ল’লে মন প্ৰশান্ত কৰি ৰখাত সহায় কৰে৷
ইয়াৰ উপৰি ইতিবাচক ভিডিঅ’ চোৱা বা পডকাষ্ট শুনিলেও মনে আনন্দ লাভ কৰে৷
মন বেয়া লগা অৱস্থাত বাহিৰা কিতাপ পঢ়িলে সুফল লাভ কৰিব পাৰে৷ বাহিৰা গল্প, উপন্যাস, প্ৰবন্ধ তথা কবিতাৰ কিতাপ পঢ়াৰ ফলত মনত এখন কল্পনাৰ জগতৰ সৃষ্টি হয়৷ সেয়ে মনটো আনন্দময় কৰি ৰাখিবলৈ হ’লে কিতাপ পঢ়াৰ অভ্যাস গঢ় দিয়ক৷
মন বেয়া লাগিলে ঘৰত বহি নাথাকি সময় কটাবলৈ বাহিৰলৈ ওলাই অহাটো ভাল৷ বন্ধুৰ সৈতে সময় কটালে বা হাঁহি-স্ফূৰ্তি কৰি কথা-বাৰ্তা পাতিলে মনৰ বেয়া ভাববোৰ পাহৰি মনটো পাতল অনুভৱ কৰিব৷
শৰীৰচৰ্চা কৰিলে দেহৰ পৰা ভাল হৰমন নিঃসৰণ কৰে তথা স্বাভাৱিকভাৱেই মন ভালে ৰখাত সহায় কৰে৷ সেয়ে মন প্ৰফুল্লিত কৰি ৰাখিবলৈ বিশেষজ্ঞসকলে নিয়মিতভাৱে শৰীৰচৰ্চা, যোগাসন, নাচ-গান আদি কৰাৰ পৰামৰ্শ দিয়ে৷