মধ্য প্ৰদেশৰ ৭ খন চহৰত লকডাউন ঘোষণা

0
1099

ভাৰতত কৰ’নাৰ নতুন ৰূপৰ ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে৷ মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আদিত অনিয়ন্ত্ৰিত হৈ পৰিছে কৰ’নাৰ সংক্ৰমণ৷ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দেওবাৰৰ দিনটোত এদিনৰবাবে ৰাজ্যখনৰ ৭ খন চহৰত লকডাউন ঘোষণা কৰিছে৷ ইয়াৰ ভিতৰত ভূপাল, ইন্দোৰ, জব্বলপুৰ, বেতুল, ছিন্দৱাৰা, ৰটলম, খাৰগোনেত চহৰত দেওবাৰে এদিনৰ বাবে লকডাউন ঘোষণা কৰিছে৷ কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈ পৰিছে চৰকাৰ-প্ৰশাসন৷ যিহেতু এতিয়া উৎসৱৰ বতৰ– হোলী সমাগত৷ সেয়ে ইয়াৰ সমান্তৰালভাৱে সকলোকে ঘৰতে হোলী উৎসৱ পালন কৰিবলৈ আহবান জনাইছে৷ ইয়াৰ উপৰি সকলো অনুষ্ঠানতে জনসমাগম নিয়ন্ত্ৰণ কৰা হৈছে৷ বিবাহ অনুষ্ঠানৰ ক্ষেত্ৰত ৫০জন লোকৰ উপস্থিতিত বিবাহ সম্পন্ন কৰিবলৈ অনুমতি দিয়া হৈছে লগতে মৃতকৰ সৎকাৰৰ ক্ষেত্ৰত ২০জনৰ অধিক লোক শ্মশানলৈ যাব নোৱাৰিব বুলিও নিৰ্দেশ জাৰি কৰিছে৷

তেলেংগানাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা – আনহাতে, কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানা চৰকাৰে বুধবাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ বাদে আন সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়ে৷ চৰকাৰী-বেচৰকাৰী সকলো স্কুল, কলেজ, গুৰুকুল স্কুল, হোষ্টেলসমূহো বন্ধ কৰি দিয়া হৈছে৷ এই কথা সদৰী কৰে তেলেংগানাৰ শিক্ষামন্ত্ৰী সুবিথা ইন্দ্ৰ ৰেড্ডীয়ে৷ ইতিমধ্যে মহাৰাষ্ট্ৰ, পঞ্জাব, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, তামিনলাডু, ছট্টিশগড় আদিত সকলো শিক্ষানুষ্ঠান বন্ধ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here