মধ্যাহ্ন ভোজনত এইবাৰ পুষ্টিকৰ খাদ্যৰ লগতে স্বাস্থ্যসন্মত পানীয়

0
22

অসমৰ বিদ্যালয়সমূহত প্ৰদান কৰা মধ্যাহ্ন ভোজনত এতিয়াৰ পৰা চাউল, কণী, দাইলেই নহয়, শিক্ষাৰ্থীয়ে খাবলৈ পাব এবিধ বিশেষ পানীয়৷ স্কুলৰ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ আহি প্ৰাৰ্থনা কৰাৰ পাছতেই অৰ্থাৎ শ্ৰেণী আৰম্ভ হোৱাৰ আগতে এই বিশেষ পানীয়বিধ সেৱন কৰোৱা হ’ব৷ সমগ্ৰ শিক্ষাই চাউলৰ গুড়ি, ৰাগীৰ গুড়ি, চৰ্বিবিহীন ছয়াবিন, হালধি, নিমখ, ডালচেনি পাউডাৰ আৰু গুৰৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা এই বিশেষ পানীয়বিধ শিক্ষাৰ্থীক সেৱনৰ বাবে প্ৰদান কৰিব৷ উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ পুষ্টি সাধনৰ বাবে পি এম পোষাণৰ অধীনত ইতিমধ্যে বিভিন্ন পুষ্টিৰ খাদ্যৰ তালিকাৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈ আহিছে ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী বিদ্যালয়ত৷ পুষ্টিকৰ খাদ্যৰ এই তালিকাত ইতিমধ্যে কণীও অন্তৰ্ভুক্ত কৰা হৈছে৷ কৰ্ণাচকৰ শ্ৰী সত্য সাই অন্নপূৰ্ণা ট্ৰাষ্টৰ সহযোগত অসমৰ চাহ বাগিচা আৰু অনুসূচিত জাতি অধ্যুষিত অঞ্চলত পি এম পোষাণৰ অধীনত সামৰি লোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ছাইচুৰ ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হে’ল্‌থ ড্ৰিংক পৰিৱেশনৰ বাবে এটা পাইলট প্ৰজেক্ট ইতিমধ্যে আৰম্ভ হৈছে৷ স্বাস্থ্যৰ বাবে পুষ্টিকৰ পানীয় পৱিৱেশনৰ পাইলট প্ৰজেক্টটো চলিত বছৰৰ ৩১ মাৰ্চলৈকে পি এম পোষাণ চলি থকা প্ৰতিখন বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হ’ব৷ ইয়াৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীকে প্ৰাৰ্থনা হোৱাৰ পাছত ২৫০ মিলিলিটাৰকৈ এগিলাচ ছাইচুৰ ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হে’লথ ড্ৰিংক সেৱনৰ ব্যৱস্থা কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here