মধুৰিআমৰ উপকাৰিতাৰবিষয়ে জানো আহক

0
1088


মধুৰিআম খাই ভাল নোপোৱা মানুহ চাগে নোলাব৷ অত্যন্ত সুস্বাদু ফল দিয়া মধুৰিআমৰ গছ গাঁৱৰ প্ৰতিঘৰৰ পদূলিতে এজোপা থকাটো এটা নিয়মৰ লেখীয়া৷ আগতে কেৱল বৰ্ষাকালতে মধুৰিআম উৎপন্ন হৈছিল যদিও আজিকলি বছৰৰ সকলো সময়তে মধুৰিআম বজাৰত কিনিবলৈ পোৱা যায়৷ এই ফলবিধৰ খাবলৈ যেনেকৈ সোৱাদ লগা, তেনেকৈ ইয়াৰ আছে যথেষ্ট উপকাৰী গুণ৷ মধুৰিআমত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ইয়াৰ লগতে মেগনেচিয়াম, লাইকোপেন তথা এণ্টিঅক্সিডেণ্টৰ চমৎকাৰ উৎস এই ফলবিধ৷ স্বাভাৱিক আকাৰৰ এটা মধুৰিআমত ১০০ কেলৰি আৰু ২০ গ্ৰাম শৰ্কৰা থাকে, ৯ গ্ৰাম ফাইবাৰত থকাৰ বিপৰীতে ইয়াত থকা চৰ্বিৰ পৰিমাণ অত্যন্ত নগণ্য৷ মধুৰিআমে আমাৰ শৰীৰৰ কিদৰে উপকাৰ সাধন কৰে জানো আহক৷
মধুৰিআমত থকা ভিটামিন-চি এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি অৰিহণা যোগায়৷
ইয়াত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
শৰীৰৰ কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে মধুৰিআমে৷ ক্ষতিকাৰক কলেষ্টৰেল কমাই শৰীৰ সুস্থ কৰাত সহায় কৰে মধুৰিআমে৷
মধুৰিআমত থকা লাইকোপেন, কুয়েৰছেটিন, ভিটামিন-চি তথা পলিফেনলে শৰীৰৰ ভিতৰত থকা ক্ষতিকাৰক টক্সিনৰ উপাদান বাহিৰ কৰাত সহায় কৰে৷
ফাইবাৰ তথা আঁহসমৃদ্ধ মধুৰিআম নিয়মিতভাৱে খালে কোষ্ঠকাঠিন্য তথা হজমৰ সমস্যা নিৰাময় হয়৷
মধুৰিআমত থকা অণ্টিঅক্সিডেণ্টে কেঞ্চাৰ ৰোগৰ সম্ভাৱনা কমাই ৰাখে৷ মধুৰিআমত ভিটামিন-এ পোৱা যায়, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে৷
শৰীৰৰ ছডিয়াম আৰু পটাচিয়াম নিয়ন্ত্ৰণ কৰি হাৰ্ট সুস্থ ৰখাত মধুৰিআমে সহায় কৰে৷
ছাল আৰু চুলিৰ যতনত মধুৰিআম অতুলনীয়৷
এই ফলবিধে ইগ্লিছাৰাইড তথা ক্ষতিকাৰক কলেষ্টৰেলৰ মাত্ৰা কমাই হাৰ্ট সুস্থ সবল কৰি ৰখাত যথেষ্ট কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
মধুৰিআমত ভিটামিন-বি৩ তথা ভিটামিন-বি৬ পোৱা যায়, এই উপাদানে মগজুলৈ অক্সিজেন সমৃদ্ধ তেজৰ সৰবৰাহ বঢ়াই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here