মদ্যপানে ওজন বঢ়ায় : কি উপায়েৰে মেদবৃদ্ধি নিয়ন্ত্ৰণ কৰিব?

0
2

মদ খোৱা শৰীৰৰ বাবে ক্ষতিকাৰক৷ অৱশ্যে সেই কথা জানিও মদ খোৱাৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছেহে৷ কিছুমানেতো দিনে-ৰাতি সেইসোপা গিলিয়েই থাকে, শৰীৰৰ কোনো খেয়াল নাৰাখি৷ আনহাতে সুৰাপানৰ ফলত যে শৰীৰৰ ওজন বৃদ্ধি হয়, সেই কথা গৱেষণাত প্ৰকাশ হৈছে৷ পুষ্টিবিদে জনোৱা মতে এলকহলত প্ৰচুৰ পৰিমাণে কেলৰি থাকে, য’ত পুষ্টিগুণ শূন্য৷ এই পানীয় কোনো উপকাৰ নাই, বৰং শৰীৰৰ ক্ষতিৰ প্ৰধান কাৰণ হৈ পৰে৷ একগ্ৰাম এলকহলত সাত কেলৰি থাকে৷ ৩৫০ মিলিলিটাৰ বীয়েৰত ১৫০ কিলোকেলৰি থাকে৷ ৪৫ মিলিলিটাৰ হুইস্কিত এশ কিলোকেলৰি থাকে৷ ককটেলত দুশৰ পৰা তিনিশ কিলোকেলৰি থাকে৷ আনহাতে ১৫০ মিলিলিটাৰ ৱাইনত ১২০ কিলোকেলৰি থাকে৷ ২০১০ চনত নেশ্যনেল লাইব্ৰেৰী অব মেডিচিনৰ জাৰ্নালত প্ৰকাশিত এটা সমীক্ষাত কোৱা হৈছে এলকহল সেৱন কৰাৰ ফলত অকল ওজন বৃদ্ধিয়েই নহয়, স্থূলতাৰ দৰে ৰোগৰ প্ৰৱণতাও বাঢ়ি যায়৷ গৱেষণাত কোৱা হৈছে যে অনিয়ন্ত্ৰি্‌ত আৰু কোনোধৰণৰ সময় নোহোৱাকৈ অনৱৰতে মদ্যপানে স্থূলতাৰ অন্যতম কাৰণ৷ আনহাতে সুৰাপানৰ প্ৰভাৱ পৰে বিপাক হাৰৰ পৰা হৰমনৰ ওপৰতো৷ তাৰ ফলত ওজন বৃদ্ধি হয়৷ ওজন বঢ়া-কমাটো বিপাক হাৰৰ লগত সম্পৰ্কিত৷ এলকহল পেটলৈ যোৱা মানে কেলৰি বঢ়া৷ যাৰ বাবে ওজন বৃদ্ধি পায়৷ বিশেষতঃ পেটত মেদ জমা হয়৷ এলকহল সেৱনৰ ফলত ভোক বৃদ্ধি পায়৷ আনহাতে সুৰাপায়ীৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ কমি যায়৷ ফেটযুক্ত, মিঠাজাতীয় খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়ি যায়৷ যাৰ বাবে ওজন বৃদ্ধি হয়৷ আনহাতে টোপনিৰ লগত ওজন বৃদ্ধিৰ সম্পৰ্ক আছে৷ এলকহল সেৱনৰ ফলত কৰ্টিচেলৰ ক্ষৰণ বাঢ়ি যায়৷ টোপনিত ইয়াৰ প্ৰভাৱ পৰে৷ ক্নান্তি ৃ, ভাগৰ বাঢ়ি যায়, টোপনি বেছি হয়৷ অনিয়ন্ত্ৰিত তথা নিয়মিত মদ্যপানে লিভাৰৰ চৰ্বি জমা হোৱাৰ সহায় কৰে৷ ফেটি লিভাৰ হ’লে ওজন নিয়ন্ত্ৰণ আৰু বিপাকৰ হাৰ সঠিক ৰখাটো আৰু কঠিন হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here