মঙল গ্ৰহত এক বিৰল দৃশ্যদেখিলে নাছাৰ যানে

0
369


নাছাৰ যান পাৰচিভিয়াৰেন্স মঙল গ্ৰহৰ চাৰিওফালে ঘূৰি বিভিন্ন তথ্য আৰু ছবি আহৰণ কৰি থকাৰ সময়তে পাৰচিভিয়াৰেন্সৰ কেমেৰাত এটা দৃশ্য ধৰা পৰে৷ কেমেৰাই ধৰি ৰখা চাই নাছাৰ বিজ্ঞানীসকলে চমকি উঠে৷ নাছাৰ যানে পঠোৱা এই দৃশ্য চাই বিশ্বৰ বিজ্ঞানীমহলৰ এতিয়া চকু কপালত উঠিছে৷ পাৰচিভিয়াৰেন্সৰ কেমেৰাত এক টৰ্নেডোৰ ছবি ধৰা পৰে৷ যিয়ে আগুৱাই গৈছে তাৰ আকাশচুম্বী ধূলিৰ কুণ্ডলীৰ দৰে৷ অৱশ্যে পৃথিৱীত যিধৰণৰ টৰ্নেডো দেখা পোৱা যায়, এই টৰ্নেডো তেনেকুৱা নহয়৷ তাতকৈ বহুখিনি কম শক্তিধৰ৷ ইয়াত কোনোধৰণৰ জলকণা নাই৷ আছে মাত্ৰ কেৱল ধূলি আৰু ধূলি৷ সেই ধূলিৰ কুণ্ডলী পকাই মাটৰ পৰা বহু ওপৰলৈ উঠি গৈছে৷ মাত্ৰ চাৰি ছেকেণ্ডৰ সেই ভিডিঅ’টো চালে কুণ্ডলীয়ে মঙল গ্ৰহত এখন বিশাল পাহাৰৰ দৰে আগুৱাই যোৱা দেখা গৈছে৷ পূবৰ পৰা পশ্চিম দিশলৈ এই কুণ্ডলী আগুৱাই যাওঁতে গতি আছিল ১৯ কিলোমিটাৰ প্ৰতি ঘণ্টাত৷ আনহাতে এই কুণ্ডলীৰ উচ্চতা আছিল ৩৮৭ ফুট৷ মঙল গ্ৰহত দেখিবল পোৱা এনে এক ধূলিৰ বৃহদাকায় প্ৰাণীৰ লেখীয়া বৃহৎ কুণ্ডলী আগতে কোনেও দেখা নাছিল৷ অৱশ্যে মঙল গ্ৰহত যি দেখা পোৱা গ’ল, ইয়াৰ জৰিয়তে মঙল গ্ৰহত বায়ুমণ্ডল সম্বন্ধে আৰু অধিক তথ্য লাভ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here