এদল বিজ্ঞানীয়ে মঙল গ্ৰহত এটা হ্ৰদ আৱিষ্কাৰ কৰিছে৷ ধাৰণা কৰা হৈছে এই হ্ৰদত অতীতৰ কোনো এক সময়ত প্ৰাণীৰ বাসস্থান আছিল, অৰ্থাৎ এই হ্ৰদত প্ৰাণীয়ে বাস কৰিছিল৷ ভাৰতৰ আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্ছ লেবৰেটৰীৰ বিজ্ঞানীয়ে মঙল গ্ৰহৰ প্ৰাচীন এই হ্ৰদটোৰ অস্তিত্ব লাভ কৰিছে৷ তেওঁলোকে এই হ্ৰদটোত অতীতত মাইক্ৰ’বায়েল জীৱৰ উপস্থিতি আছিল বুলি ধাৰণা কৰিছে৷ ক্লোৰাইডসমৃদ্ধ টেৰা ছাইৰেনাম অঞ্চলৰ মাজত এই হ্ৰদৰ অৱস্থান নিশ্চিত কৰিছে৷ ক্লোৰাইড জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ উপাদান হিচাপে জনাই বিজ্ঞানীয়ে প্ৰাণৰ নমুনাৰ অৱস্থান নিৰ্ণয় কৰিছে৷ আনহাতে নতুন গৱেষণাত মঙল গ্ৰহৰ আদ্ৰৰ্পৃষ্ঠৰ ইতিহাস আৰু প্ৰাণীৰ বাসযোগ্যতাৰ ৰহস্য উন্মোচন কৰাৰ কাম আৰম্ভ কৰিছে৷ জেজিআৰ প্লেনেট নামৰ বৈজ্ঞানিক সাময়িকীত হ্ৰদৰ তথ্য প্ৰকাশ কৰা হৈছে৷ হ্ৰদটো সম্ভৱতঃ অতীতত এক বিস্তৃত পাললিক অববাহিকাৰ অংশ আছিল, যি ভিজা আৰু শুকান চক্ৰৰ মাজত আছিল৷ ইয়াৰ বাবে সেই অঞ্চলত জীৱৰ বাবে সম্ভাব্য অনুকূল পৰিস্থিতি তৈয়াৰ হৈছিল বুলিও বিজ্ঞানীয়ে ধাৰণা কৰিছে৷ মঙল গ্ৰহৰ ক্লোৰাইডসমৃদ্ধ অঞ্চলৰ আৰ্দ্ৰতা ধৰি ৰখাৰ ক্ষমতা আৰু গ্ৰহৰ প্ৰাচীন পানীৰ উৎসক লৈ বিজ্ঞানীৰ মাজত দীৰ্ঘদিন ধৰি কৌতূহলৰ সৃষ্টি কৰি আহিছে৷ আনহাতে ইয়াৰ নমুনাৰ পৰা মঙল গ্ৰহৰ প্ৰাথমিক ইতিহাস সম্পৰ্কেও জনাত সহায় কৰিব৷