মঙলপৃষ্ঠত জীৱন ৰক্ষাকাৰী তৰল পানীৰ সন্ধান

0
37

সৌৰজগতৰ চতুৰ্থ গ্ৰহ মঙলৰ ভূপৃষ্ঠৰ গভীৰত তৰল পানীৰ অস্তিত্ব পাইছে৷ যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ ৰ’বটযান মাৰ্চ ইনছাইট লেণ্ডাৰে পঠোৱা তথ্য ব্যৱহাৰ কৰি এক গৱেষণাত এই তথ্য জনা গৈছে৷ মঙলত জীৱৰ অস্তিত্বৰ সন্ধান পোৱাৰ চেষ্টাক এই তথ্যই আৰু আগুৱাই নিয়াত সহায়ক হ’ব বুলি বিজ্ঞানীয়ে সদৰী কৰিছে৷ একেলগে বহু আগতে গ্ৰহটোৰ মহাসাগৰ কী ঘটিছিল সেই সম্পৰ্কেও ধাৰণা দিবলৈ সক্ষম হ’ব৷ ৰঙা গ্ৰহটোত ২০১৮ চনৰ পৰা অৱস্থান কৰি আছে ইনছাইট লেণ্ডাৰে৷ চাৰি বছৰৰো বেছি সময় ৰবটযানে এই গ্ৰহটোত ভূকম্পন সংক্ৰান্তীয় উপাত্ত পৰিমাপ কৰিছে৷ ৰবটযানে পঠোৱা তথ্যৰ পৰা গৱেষকে কৈছে যে মঙলত তৰল পানীৰ অস্তিত্ব পোৱা গৈছে৷ জীৱনৰ কাৰণে পানী অপৰিহাৰ্য বুলি ধৰা হয় তথা ভূতাত্ত্বিকৰ বিভিন্ন গৱেষণা অনুযায়ী তিনিশ কোটি বছৰ আগতে মঙলৰ উপৰিভাগত হ্ৰদ, নদী আৰু মহাসাগৰ আছিল৷ নতুন এই গৱেষণাৰ প্ৰতিবেদন অন্যতম ভাচন ৰাইটে কোৱা মতে পৃথিৱীখন যথেষ্ট সিক্ত তথা ইয়াত জ্বালানিৰ যথেষ্ট উৎস আছে৷ সেয়ে এই গ্ৰহৰ ভূপৃষ্ঠত বহু ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰাণীৰ অস্তিত্ব পোৱা গৈছে৷ ভাচন ৰাইটে আৰু কোৱা মতে গৱেষণাৰ ফলাফল যদি সঠিক হয় তেন্তে প্ৰাণীৰ যিবোৰ উৎস সম্পৰ্কে জনা গৈছে, সেইবোৰ মঙলতো পোৱা যাব৷ ইনছাইট লেণ্ডাৰৰ তথ্যৰ ভিত্তিত গৱেষণাত দেখা গৈছে যে তৰল পানীৰ বিশাল এই মজুত মঙলৰ ভূপৃষ্ঠৰ পৰৰ ১১ দশমিক ৫ কিলোমিটাৰৰ পৰা ২০ কিলোমিটাৰ গভীৰতাত অৱস্থিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here