মঙলত প্ৰাচীন জীৱাণু সন্ধান পোৱাৰ সম্ভাৱনা

0
50

মঙল গ্ৰহত ছয় বৰ্গফুটৰ এটা দাগযুক্ত শিলাৰ সন্ধান পাইছে যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ পাৰচিভাৰেন্স ৰ’ভাৰে৷ কাড়ৰ মূৰৰ আকৃতিৰ এই শিলাৰ নাম দিয়া হৈছে চেয়াভা ফলছ৷ সন্ধান লাভ কৰা শিলাটোক বৈশিষ্ট্যৰ প্ৰাথমিক বিশ্লেষণ কৰি নাছাৰ পাৰছিভাৰেন্স ৰ’ভাৰে জনাইছে যে কোটি কোটি বছৰ আগতে এই শিলাত ক্ষুদ্ৰ জীৱাণু আছিল৷ সেয়ে এই শিলাটোৰ জৰিয়তে শত কোটি বছৰ আগতে জীৱাণুৰ জীৱাশ্মৰ তথ্য পোৱা যাব পাৰে বুলি অনুমান কৰিছে বিজ্ঞানীয়ে৷ ধাৰণা কৰা হৈছে যে বহু বছৰ আগেয়ে মঙল গ্ৰহ এটা উষ্ণ আৰু আৰ্দ্ৰ গ্ৰহ আছিল৷ যদি কেতিয়াবা ইয়াত জীৱন বিকশিত হয়, তেনেহ’লে তাৰ চিহ্ন পাথৰৰ মাজত থাকিব৷ আনহাতে এই জৈৱ উপাদান আৰু জীৱাশ্মৰ উপস্থিতি মঙল গ্ৰহৰ বিভিন্ন শিলা পোৱা যাব বুলি বিজ্ঞানীয়ে বিশ্বাস কৰিছে৷ ইয়াৰ মাজতে নাছাৰ পাৰছিভাৰন্স ৰ’ভাৱে শিলাৰ তথ্য বিশ্লেষণ কৰি জৈৱ যৌগৰ সন্ধান পাইছে৷ সন্ধান পোৱা এইধৰণৰ কাৰ্বনভিত্তিক অণুক জীৱনৰ মূলসূত্ৰ বুলি বিবেচনা কৰা হয়৷ এই শিলাটোত কেলচিয়াম ফচফেট পোৱাৰ লগতে কিছু ৰঙা উপাদানৰ চিন আছে, যি হেমাটাইট হ’ব পাৰে বুলি ধাৰণা কৰিছে৷ উল্লেখ্য যে হেমাটাইট আইৰন অক্সাইড যৌগৰ মাজৰে এবিধ, যাৰ কাৰণে মঙল গ্ৰহক দূৰৰ পৰা কিছু ৰঙা দেখা যায়৷ বিজ্ঞানীয়ে কোৱা মতে শিলাত থকা এই দাগটো বেছ আশ্চৰ্যজনক৷ পৃথিৱীত অনুৰূপ বৈশিষ্ট্যৰ শিলাত প্ৰায় জীৱাণুৰ জীৱাশ্মৰ সন্ধান পোৱা যায়৷ আনহাতে মঙল গ্ৰহত দাগযুক্ত শিলাৰ সন্ধান পোৱাৰ বিষয়ে যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া ইনষ্টিটিউট অব টেকনলজিৰ বিজ্ঞানী কেন ফাৰ্লিয়ে কৈছে যে এই শিলা অত্যন্ত বিভ্ৰান্তিকৰ, জটিল আৰু বেছ গুৰুত্বপূৰ্ণ আৰু প্ৰথমবাৰৰ কাৰণে জৈৱ পদাৰ্থ চিনাক্ত কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here