পৃথিৱীত ২৪ ঘণ্টাত এদিন হয়, অৰ্থাৎ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক নিৰ্ভৰ কৰি এপাক মাৰিবলৈ ২৪ ঘণ্টা সময়ৰ প্ৰয়োজন হয়৷ কিন্তু ভৱিষ্যতে পৃথিৱীৰ আবৰ্তন কাল ২৫ ঘণ্টালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ টেকনিকেল ইউনিভাৰ্ছিটি অব্ মিউনিখৰ বৈজ্ঞানিকসকলে কৰা এটা গৱেষণাৰ পৰা এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকৰ এই গৱেষণাই পৃথিৱীৰ ঘূৰ্ণনৰ গতিৰ সম্পৰ্কত বুজি পোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে৷ বিভিন্ন ধৰণৰ গোটা আৰু তৰল পদাৰ্থৰ মিশ্ৰণে গ্ৰহৰ ঘূৰ্ণনৰ গতিকো প্ৰভাৱিত কৰে৷ বিশ্ববিদ্যালয়খনৰ নিৰীক্ষণ কেন্দ্ৰৰ প্ৰকল্প মুৰব্বী উলৰিচ শ্ৰেইবাৰে কয়, ‘আবৰ্তনত তাৰতম্য কেৱল জ্যোতিৰ্বিজ্ঞানৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, আমি সঠিক জলবায়ু মডেল প্ৰস্তুত কৰা আৰু এল নিনোৰ দৰে জলবায়ু পৰিঘটনাসমূহ ভালদৰে বুজি পোৱাত সহায় কৰিব৷ তথ্য যিমান সঠিক হ’ব ভৱিষ্যদ্বাণীও সিমান সঠিক হ’ব৷’ বিশ্ববিদ্যালয়খনৰ গৱেষকৰ দলটোৰ এক বিশেষ ধৰণৰ সঁজুলি আছে, যাক ৰিং লেজাৰ বুলি কোৱা হয়৷ এই সঁজুলিবিধে পৃথিৱীৰ ঘূৰ্ণনক সঠিকভাৱে জুখিব পাৰে৷ পৃথিৱীৰ ঘূৰ্ণনত হোৱা সামান্য তাৰতম্যও এই সঁজুলিবিধে ধৰা পেলাব পাৰে৷ জিয়’ডেটিক অবজাৰ্ভেটৰী ৱেজটেলত এই সঁজুলিবিধ আছে৷ ভূপৃষ্ঠৰ পৰা ২০ তলত এক উচ্ছ চাপৰ চেম্বাৰত লেজাৰ ৰিং জিৰ’স্কপ ৰখা হৈছে৷ এই সঁজুলিবিধ এনেদৰে ৰখা হৈছে যে পৃথিৱীৰ ঘূৰ্ণনত সামান্য পৰিৱৰ্তন ঘটিলেও তাক ধৰা পেলাব পাৰে৷ লেজাৰ আৰু আইনাৰ ব্যৱহাৰ কৰি ঘূৰ্ণনত হোৱা তাৰতম্য ধৰা পেলায়৷ বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি পৃথিৱীত ডাইন’ছৰ থকাৰ সময়ত এদিন সম্পূৰ্ণ হৈছিল ২৩ ঘণ্টাৰ৷ ১৪০ কোটি বছৰৰ আগতে এদিনত আছিল ১৮ ঘণ্টা৷ বৈজ্ঞানিকসকলে কৰা অনুমান মতে আজিৰ পৰা ২০ কোটি বছৰৰ পাছত পৃথিৱীৰ এদিন ২৫ ঘণ্টাৰ হ’ব