ভৰিৰ বিষত হায়ৰান৷ শীতকালত এই বিষৰ প্ৰকোপ আৰু বৃদ্ধি পায়৷ এইধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ যোগাসনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে৷ অতিৰিক্তভাৱে ফুৰা-চকা কৰা অথবা দীৰ্ঘক্ষণ একে স্থানতে থিয় হৈ থকাৰ ফলত ভৰিৰ পেশীত অতিৰিক্ত চাপ পৰে৷ যাৰ ফলত ভৰি দুৰ্বল হৈ বিষ অনুভৱ হয়৷ কেতিয়াবা এই বিষৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পায়৷ অৱশ্যে বয়সৰ লগে লগে এই দুৰ্বলতা বৃদ্ধি পাবলৈ ধৰে৷ অস্থিসন্ধিৰ আশে পাশে যি ফ্লুইড থাকে, বয়স বঢ়াৰ লগে লগে এইবোৰ শুকাই যাবলৈ ধৰে৷ ফলত স্বাভাৱিকভাৱে চলা-ফুৰাত অসুবিধা হয়, পেশী দুৰ্বল হৈ পৰে৷ ইয়াৰ আশু সমাধানৰ বাবে চিকিৎসকে বিভিন্ন উপায় দিয়ে যদিও সেইবোৰ অতি জটিল তথা কষ্টকৰ হয়৷ অথবা এইধৰণৰ অস্ত্ৰোপচাৰ খৰচসাপেক্ষও হয়৷ সেয়ে সময় থাকোঁতে যদি নিয়মিতভাৱে উৎকটাসন আসন কৰাৰ অভ্যাস কৰে, তেনেহ’লে ভৰিৰ এইধৰণৰ সমস্যাৰ পৰা কিছু সকাহ পাব পাৰি৷ ইংৰাজীত এই আসনক চেয়াৰ পজ বুলি জনা যায়৷ এই আসন কৰিলে দেখাত চকীত বহি থকা যেন অনুমান হয়৷ অদৃশ্য চকীত বহাৰ লেখীয়া দেখি বাবে ইয়াক চেয়াৰ পজ বোলে৷
কিদৰে কৰিব উৎকটাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মুকলি ঠাইত মেট বা মাটিৰ ওপৰত থিয় হৈ লওক৷ ইয়াৰ পাছত হাত দুখন ওপৰলৈ পোন কৰি মেলি ধৰক৷ এতিয়া আপুনি ভৰি দুখনৰ মাজত কিছু ব্যৱধান ৰাখি মানুহজন লাহে লহে বহাৰ দৰে তলৰ ফালে গতি কৰক৷ এটা নিৰ্দিষ্ট দূৰত্বত আপুনি তেনেকৈ ৰৈ যাওক৷ এই ৰৈ যোৱা দূৰত্বটো আপোনাক চকী এখনত বহাৰ দৰে যেন দেখি৷ কিছু সময় ৰৈ পাছত আগত অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনি-চৰিবাৰমান কৰিবলৈ চেষ্টা কৰক৷
- Advertisement -