ভৰিৰ পেশীৰ যন্ত্ৰণা নিৰাময়ৰ বাবে চক্ৰপদাসন কৰক

0
41

শৰীৰ সুস্থ তথা সবল কৰি ৰখাৰ বাবে শৰীৰচৰ্চা তথা নিয়মিত যোগাভ্যাস কৰা অতি প্ৰয়োজন৷ ইয়াৰ অন্যথা আপোনাৰ শৰীৰত বাহ ল’ব পাৰে নানাবিধ ৰোগে৷ সেয়ে ঘৰুৱা তথা অফিচৰ ব্যস্ততাৰ মাজতে শৰীৰ যতন লোৱাটো স্বাস্থ্যৰ পক্ষে ভাল৷ কিছুমান আকৌ হাতত সময় যথেষ্ট কম থাকে, তেনে লোকেও কি পুৱা অথবা সন্ধিয়া আধা ঘণ্টাৰ কাৰণে হ’লেও নিজৰ বাবে অলপ সময় উলিয়াই যোগ সাধনা কৰাৰ চেষ্টা কৰক৷ ইয়াৰ ফলত পাব অদূৰ ভৱিষ্যতে উজ্জ্বল তথা সুন্দৰ৷ বহুতেই ভৰিৰ পেশীৰ বিষত প্ৰায় সময়ত ছটফটাই থাকে৷ বিভিন্ন ঔষধ খালো সুফল নাপায়৷ কিছুদিন কনে যদিও আকৌ ৰোগে ঠন ধৰে৷ সেয়ে এনেধৰণৰ সমস্যাৰ পৰা দীৰ্ঘস্থায়ী সমাধান পাবলৈ চক্ৰপদাসন আসন কৰক৷ আপুনি ভাবিব নোৱৰা ফলাফল পাবলৈ সক্ষম হ’ব৷ চক্ৰপদাসনৰ অৰ্থ হ’ল ভৰি গোল কৰি ঘূৰোৱাৰ ভংগী৷ আমাৰ ভৰিৰ সহজাত শক্তি আছে, সেয়ে ভৰি পৰা আসন আৰম্ভ কৰিলে সমস্ত শৰীৰে ইয়াৰ সৈতে তাল মিলাই শক্তি সঞ্চয় কৰাত সুবিধা হয়৷ যোগাসনৰ প্ৰথম পৰ্যায়ত শৰীৰক প্ৰস্তুত কৰাৰ কাৰণে এই আসন কৰাৰ অভ্যাস কৰিব পাৰে৷ নিয়মিতভাৱে চক্ৰপদাসন কৰাৰ অভ্যাস কৰিলে পেটৰ অভ্যন্তৰৰ যাৱতীয় অংগ উজ্জীৱিত হৈ ৰক্ত সঞ্চালন বাঢ়ে৷ ইয়াৰ লগতে পেট ৰু উৰুৰ পেশী উজ্জীৱিত হয়৷ এই আসন কৰিলে মেৰুদণ্ডৰ পেশীক মজবুত কৰি তোলে৷ এই আসন কৰাৰ সময়ত পেটৰ ওপৰত চাপ পৰে৷ যাৰ ফলত পেটত জমা হোৱা মেদ কমোৱাত সহায় কৰে৷ ইয়াৰ লগতে শৰীৰৰ ভাৰসাম্য ঠিকে ৰাখিবলৈ এই আসন বেছ উপকাৰী৷
কিদৰে কৰিব চক্ৰপদাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিৰ ওপৰত ভৰি পোন কৰি শুই লওক৷ হাত দুখন মাটিত সমান্তৰালকৈ ৰাখক যাতে তলুৱাদুখন মাটি চুই থাকে৷ এতিয়া প্ৰথমে যিকোনো এখন ভৰি ওপৰফালে লাহে লাহে উঠাই দি আনখন মাটিত সমান্তৰালকৈ ৰাখক৷ ওপৰলৈ উঠোৱা ভৰিখন এইবাৰ ঘড়ীৰ কাঁটাৰ দিশে পাঁচবাৰমান ঘূৰাওক৷ তাৰ পাছত পুনৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে সমানবাৰ ঘূৰাওক৷ এইদৰে কৰাৰ হ’লে ভৰিখন লাহে লাহে নমাই আনক৷ ইয়াৰ পাছত আনখন ভৰি ওপৰলৈ উঠাই নি আগৰখন ভৰিৰে কৰাৰ দৰে সমপৰিমাণৰ তেনে ভংগীত ঘূৰাওক আৰু পাছত মাটিলৈ নমাই আনি কিছু সময়ৰ বাবে বিশ্ৰাম লওক৷ মনত ৰাখিব এইদৰে কৰি থাকোঁতে যাতে আপোনাৰ হাত দুখন মাটিত লাগি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here