নগাঁৱত অতি উদ্বেগজনকভাৱে মাৰাত্মক HIV-ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ বিগত সাত মাহত অৰ্থাৎ চলিত বৰ্ষৰ যোৱা জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰীক্ষাগাৰত তেজৰ নমুনা পৰীক্ষা কৰাৰ পিছত ৮৪জন লোকৰ দেহত এই মাৰাত্মক HIV বীজাণু থকাৰ কথা ধৰা পৰে৷ এই কথা সদৰী কৰিছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰীক্ষাগাৰৰ চিকিৎসা বিষয়াই৷ বিষয়াগৰাকীয়ে জনোৱা মতে, HIV ধৰা পৰা ৮৪গৰাকী লোকৰ ভিতৰৰে পুৰুষৰ সংখ্যা ৭৪ আৰু মহিলাৰ সংখ্যা ১০গৰাকী৷ আনহাতে আক্ৰান্তসকলৰ ভিতৰত ৪০জন যুৱক ড্ৰাগ্ছৰ বেজী লৈ HIV-ত আক্ৰান্ত হৈছে বুলিও চিকিৎসা বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷ ইপিনে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰতো ৮জন কয়দীৰ ৰক্ত পৰীক্ষাত তেওঁলোক HIV-ত আক্ৰান্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছে৷ কিছুদিনৰ পূৰ্বে চিকিৎসা বিভাগে কেইটামান স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত তেজ পৰীক্ষা কৰোঁতেই এই ভয়াৱহ তথ্য ধৰা পৰিছে৷ উল্লেখ্য যে এই আক্ৰান্তসকলৰ বয়স ২২ৰ পৰা ৩০ৰ ভিতৰত বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া বিষয় যে জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে শেহতীয়াকৈ বহু ড্ৰাগ্ছআসক্ত লোকক কৰায়ত্ত কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ যিহেতু ড্ৰাগ্ছ আসক্তৰ ভিতৰত HIV পজিটিভৰ সংখ্যা বেছি, সেয়ে ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বহু ড্ৰাগ্ছ আসক্তৰ দেহত এই বীজাণু থকাৰো আশংকা কৰা হৈছে৷ উল্লেখ্য যে নগাঁও জিলাত কেইবাশ লোকৰ দেহত HIV-ৰ বীজাণু থকাৰ কথা বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছিল৷