ভেক্‌চিন সন্দৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

0
917
কভিড পৰিস্থিতি সন্দৰ্ভত যোৱা ৭ জুনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে অহা ২১ জুনৰ পৰা দেশৰ ১৮ বছৰৰ ঊধবৰ্ৰ সকলো লোকৰ টিকাকৰণৰ বাবে ৰাজ্যসমূহলৈ বিনামূলীয়াকৈ প্ৰতিষেধক যোগান ধৰা হ’ব৷ ইয়াৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব কেন্দ্ৰীয় চৰকাৰে৷ প্ৰতিষেধকৰ বাবদ এতিয়াৰে পৰা ৰাজ্য চৰকাৰসমূহে ধন ব্যয় কৰিব নালাগে বুলি মোডীয়ে ঘোষণা কৰে৷ দেশৰ সকলো নাগৰিককে বিনামূলীয়া কভিড ভেকচিনৰ যোগান ধৰিব কেন্দ্ৰীয় চৰকাৰে৷ লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে হিতাধিকাৰীসকলে ব্যক্তিগত চিকিৎসালয়সমূহতো ল’ব পাৰিব ভেক্‌চিন৷ ইয়াৰ বাবে ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰতিপালি ভেকচিনৰ বাবদ নিৰ্ধাৰণ কৰি দিয়াৰ মূল্যৰ উপৰি সৰ্বাধিক ১৫০ টকাৰ শুল্ক আদায় দিব লাগিব৷ এই ব্যৱস্থা নিৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে দেশত বৰ্তমানলৈকে কভিড ভেক্‌চিনৰ ২৩ কোটি ৫৯ লাখতকৈও অধিক প্ৰদান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here