ভেকচিন দিয়া হ’ল ১৭জনক– কেতিয়া?

0
1467

মানৱ দেহত ক্লিনিকেল পৰীক্ষাৰ অংশ হিচাপে পুনেৰ এখন চিকিৎসালয়ত মুঠতে ১৭জন স্বেচ্ছাসেৱকক ৰাছিয়াৰ কৰ’না ভাইৰাছ ভেকচিন স্পুটনিক ভি দিয়া হৈছে৷ কালি চিকিৎসকসকলে এই কথা কয়৷ স্পুটনিক ভি ভেকচিন উদ্ভাৱন কৰিছে গামালেয়া নেশ্যনেল ৰিছাৰ্চ চেণ্টাৰ অব্‌ এপিডেনিঅ’ এণ্ড মাইক্ৰ’বায়’লজি আৰু ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড চমুকৈ আৰ ডি আই এফ-এ৷ প্ৰাপ্ত খবৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা এই ভেকচিনৰ দহ কোটি ড’জ কিনিছে৷ পুনেৰ নব’ল হাস্পতালৰ ক্লিনিকেল ৰিছাৰ্চ ডিপাৰ্টমেণ্টৰ মুৰব্বী ডাঃ এছ কে ৰাউটে কয় যে মানৱ দেহত পৰীক্ষাৰ অংশ হিচাপে যোৱা তিনি দিনত ১৭জন স্বাস্থ্যৱান স্বেচ্ছাসেৱকক স্পুটনিক ভি ভেকচিন দিয়া হয়৷ যোৱা বৃহস্পতিবাৰৰ পৰা ভেকচিন দিয়া আৰম্ভ কৰা হয়৷ ভেকচিন দিয়াসকলক অহা কেইদিনমান পৰ্যবেক্ষণত ৰখা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here